/asomiyapratidin/media/media_files/2025/09/01/new-ap-web-1-12-2025-09-01-13-50-10.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক সম্পূৰ্ণৰূপে সমৰ্থন কৰে, অৱশ্যে এই কথা শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণৰ পৰা স্পষ্ট হৈ পৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কৈছিল যে, অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা অসম আৰু সমগ্ৰ দেশ মুক্ত হ’ব। ৰাজ্যৰ বিজেপি চৰকাৰে বেদখল আঁতৰোৱাৰ অভিযান আৰম্ভ কৰিছে,এই কাৰ্যৰ বিৰোধিতা কংগ্ৰেছে কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, বেদখলকাৰীৰ পৰা ভূমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ, সেয়ে ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা ১৬০ বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি বেদখলৰ পৰা মুক্ত হোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
উচ্ছেদ অভিযানৰ ফলত স্থানচ্যুত হোৱা অধিকাংশ লোক বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ, তেওঁলোকে দাবী কৰিছে যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত তেওঁলোকৰ পূৰ্বপুৰুষসকল এই অভিযান চলোৱা অঞ্চলসমূহত আহি বসতি স্থাপন কৰিছিল।
অনুপ্ৰৱেশৰ বিষয় সন্দৰ্ভত শ্ৰী শৰ্মাই কয়, ৰাজ্যত ‘পুছ বেক’ দুটা পৰ্যায়ত হৈ আছে। ইয়াত নতুন অবৈধ অনুপ্ৰৱেশকাৰী আৰু ১৯৭১ চনৰ পিছত প্ৰৱেশ কৰা উভয়ৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীয়ে ৩৩জন নতুন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে। এয়া অব্যাহত ৰাখিবলৈ আমাৰ চেষ্টা অব্যাহত আছে আৰু অনাগত দিনত অধিক তীব্ৰতৰ হ'ব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে বেদখলকাৰীক কোন খণ্ডৰ পৰা উভতাই পঠিওৱা হৈছিল সেই কথা প্ৰকাশ কৰা নাই, তথাপিও অধিকাংশ অনুপ্ৰৱেশকাৰীক শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে ঘূৰাই পঠিওৱা হৈছিল।