/asomiyapratidin/media/media_files/2025/04/04/wVlpNId31Qfga72AyeeL.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : অসমৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ, বনজ সম্পদ, বণ্যপ্ৰাণী সংৰক্ষণ, খিলঞ্জীয়া জাতি- জনজাতিৰ বাবে ৰাজ্যখনৰ প্ৰতিটো সংকটৰ সময়ত জাতীয় অনুষ্ঠান “অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে” বলিষ্ঠভাৱে মাত মাতি অহাৰ লগতে সময়ে সময়ে দেশ আৰু ৰাইজৰ স্বাৰ্থত প্ৰাণ আহুতিও দিছে ৷ ইয়াৰ উদাহৰণ বহুত ৷ – এই মন্তব্য বিশিষ্ট প্ৰাণীতত্ত্ববিদ ড০ অমৰেন্দ্ৰনাথ দত্তৰ।
/asomiyapratidin/media/media_files/2025/04/04/OyLqYGBNzgbulVSH3jrR.jpg)
উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক অধিবেশনখন গোলাঘাট জিলা সমিতিৰ আতিথ্যত সমম্বয় খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ জননেতা প্ৰবীণকুমাৰ গগৈ সোঁৱৰণী মঞ্চ উদ্বোধন কৰি বিশিষ্ট প্ৰাণীতত্ত্ববিদ ড০ অমৰেন্দ্ৰনাথ দত্তই উক্ত মন্তব্য কৰে ৷
আদৰণি সমিতিৰ সাংস্কৃতিক উপসমিতিৰ তত্ত্বাবধায়ক আব্দুল হাচিমে আতঁ ধৰা সভাত ড০ দত্তই তেওঁৰ এসময়ৰ ছাত্ৰ জননেতা প্ৰবীন কুমাৰ গগৈৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে থকা সানিধ্যৰ স্মৃতি ৰোমন্থন কৰে ৷ তেওঁ আদৰণি সমিতিৰ সকলো বিষয়ববীয়াক ধন্যবাদ জনোৱাৰ লগতে এই তিনিদিনীয়া অধিবেশনৰ সাফল্য কামনা কৰে ৷
/asomiyapratidin/media/media_files/2025/04/04/OOi320jlbzSiBVlzdqlH.jpg)
আনহাতে আজি অনুষ্ঠিত প্ৰতিনিধি সভাত নগাঁও জিলা সমিতিৰ দ্বাৰা প্ৰকাশিত তিনিমহীয়া আলোচনী 'যুৱ -ছাত্ৰ বাৰ্তা' উন্মোচন কৰা হয়। একেদৰে 'সংগঠকৰ হাত পুথি' নামৰ এখন গ্ৰন্থও উন্মোচন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী সম্বলিত 'সংগঠনৰ হাতপুথি'খন যুগুত কৰিছে প্ৰাগজ্যোতিষ বণিয়াই।
/asomiyapratidin/media/media_files/2025/04/04/BkpZYjgyRFNc9BsyNdcP.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, খেলপথাৰখনত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ নামত এটা বিশাল মণ্ডপ নিৰ্মাণ কৰাৰ লগতে সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত প্ৰবীন কুমাৰ গগৈৰ নামত এটা আটকধুনীয়া মঞ্চ নিৰ্মাণ কৰা হয় ৷ মঞ্চ উদ্বোধনৰ পিছত বিভিন্নজনক সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/media_files/2025/04/04/z6YDlIcJDtxHjInNZUyS.jpg)
ইয়াৰ পাছতে দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী ৰুমী শইকীয়াই ৷ একেদৰে মাহেশ্বৰী ভৱনত প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ আজিৰ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ঠাইৰ প্ৰতিনিধি, সভাপতি পলাশ চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাই, জিতুল ৰাজখোৱা আদিকে ধৰি সংগঠনটোৰ কেইবাজনো কেন্দ্ৰীয় নেতা, জিলা পৰ্যায়ৰ নেতা-কৰ্মী আৰু আদৰণি সমিতিৰ সকলো সদস্য উপস্থিত থাকে ৷
/asomiyapratidin/media/media_files/2025/04/04/VvL9k0Hj2YxpbpBMKDrC.jpg)
ইফালে ৩দিনীয়াকৈ আয়োজিত অধিবেশনৰ দ্বিতীয় দিনা পুৱা ১১-০০ বজাত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব। এই শোভাযাত্ৰা উদ্বোধন কৰিব গোলঘাট জিলাৰ জিলা আয়ুক্ত পুলক মহন্তই। একেদৰে এই শোভাযাত্ৰাত উপস্থিত থাকিব বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, কণ্ঠশিল্পী দীপান্বিতা ডেকা আৰু নীলাভ নিতা।
তাৰোপৰি দিনৰ ২-০০ বজাত অনুষ্ঠিত হ’ব মুকলি সভা। এই সভাত সভাপতিত্ব কৰিব সংগঠনটোৰ সভাপতি পলাশ চাংমায়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us