অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, উত্তৰাখণ্ড, কেৰালালৈ কেন্দ্ৰৰ ১,০৬৬.৮০ কোটি টকা মুকলি

বানে বিধ্বস্ত কৰা অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ বাবে আজি কেন্দ্ৰই মুকলি কৰি দিছে ১,০৬৬.৮০ কোটি টকা। অসমৰ বাবে মুকলি কৰি দিছে ৩৭৫.৬০ কোটি টকা। 

author-image
Tushar Pratim
New Update
অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, উত্তৰাখণ্ড, কেৰালালৈ কেন্দ্ৰৰ ১,০৬৬.৮০ কোটি টকা মুকলি

ডিজিটেল ডেস্কঃ বানে বিধ্বস্ত কৰা অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ বাবে আজি কেন্দ্ৰই মুকলি কৰি দিছে ১,০৬৬.৮০ কোটি টকা। তথ্য অনুসৰি অসমৰ বান পৰিস্থিতিৰ বাবে মুকলি কৰি দিছে ৩৭৫.৬০ কোটি টকা। 

Advertisment

সেইদৰেই উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ বাবে ২৯.২০ কোটি, মেঘালয়ৰ বাবে ৩০.৪০ কোটি, মিজোৰামৰ বাবে ২২.৮০ কোটি টকা মুকলি কৰি দিছে। তাৰোপৰি কেৰালাৰ বাবে ১৫৩.২০ কোটি, উত্তৰাখণ্ডৰ বাবে ৪৫৫.৬০ কোটি টকা কেন্দ্ৰই এছ ডি আৰ এফৰ শিতানৰ পৰা মুকলি কৰি দিছে। 
 
উল্লেখ্য অসমৰ কেইবাখনো জিলাত বৰ্তমান বানৰ কৱলত পৰিছে। ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে গুৰুত্বপূৰ্ণ ৰে’লপথ।  এই মুহূৰ্তত বান, ভূমিস্খলনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে দেৱভূমি উত্তৰাখণ্ড। প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা ৰাজ্যখনত বান আৰু ভূমিস্খলনে সংহাৰি ৰূপ ধাৰণ কৰিছে। অৱশ্যে যোৱা কিছু দিনতকৈ পৰিস্থিতি যথেষ্ট উন্নত হৈছে। 

কেন্দ্ৰই আজি এই পুঁজি মুকলি কৰি দিয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াই।

বিষয়াগৰাকীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰে সকলো পৰিস্থিতিতে ৰাজ্যসমূহৰ সৈতে দৃঢ়তাৰে থিয় দিছে। কেন্দ্ৰই ইতিমধ্যে এছ ডি আৰ এফৰ শিতানৰ পৰা ১৪খন ৰাজ্যক ৬,১৬৬.০০ কোটি টকা আৰু এন ডি আৰ এফৰ শিতানৰ পৰা ১২খন ৰাজ্যলৈ ১,৯৮৮.৯১ কোটি টকা মুকলি কৰি দিছে।

ইয়াৰ উপৰিও ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰাও ৫খন ৰাজ্যলৈ ৭২৬.২০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা দুখন ৰাজ্যলৈ ১৭.৫৫ কোটি টকা মুকলি কৰি দিয়া হৈছে।

বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত সকলো ৰাজ্যকে প্ৰয়োজনীয় এন ডি আৰ এফৰ দল, সেনাৰ দল আৰু বায়ুসেনাৰে সকলো ল'জিষ্টিক সহায় আগবঢ়াইছে। তেওঁ জনোৱা অনুসৰি চলিত বাৰিষাত দেশৰ ২১খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ১০৪টা এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে।

 

বানপানী এছ ডি আৰ এফ এন ডি আৰ এফ