শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণ প্ৰকল্পত অনুমদোন

ৰাজ্যৰ পথ আৰু যোগাযোগ ব্যৱস্থালৈ আন এক ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণ প্ৰকল্পত। 

author-image
Asomiya Pratidin
New Update
শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণ প্ৰকল্পত অনুমদোন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পথ আৰু যোগাযোগ ব্যৱস্থালৈ আন এক ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণ প্ৰকল্পত। 

Advertisment

মুঠ ১,৪৭৩ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই দলংখন। জানিব পৰা মতে আগিয়াঠুৰি-কামাখ্যা ৰে'লপথৰ দ্বৈতকৰণৰ অংশ হিচাপে নিৰ্মাণ কৰা হ’ব এই দলং। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তি অনুসৰি ১.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ষ্টীল কম্পোজিট গৰ্ডৰ দলংখন নিৰ্মাণ কৰা হ’ব। 

দলংখনৰ তলৰ অংশত দ্বৈত ৰে’লপথ আৰু ওপৰ অংশত পদপথৰ সৈতে ৩টা লেনযুক্ত পথ থাকিব। এই দলঙখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে আগিয়াঠুৰি-কামাখ্যা খণ্ডত ৰে’ল পথৰ সামৰ্থ অভূতপূর্বভাৱে বৃদ্ধি হ’ব। দলংখনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশত অৰিহণা যোগোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।

শৰাইঘাট উত্তৰ পূব সীমান্ত ৰে'লৱে