/asomiyapratidin/media/media_files/2025/12/14/whatsapp-2025-12-14-19-24-25.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকৰ তথ্য সংগ্ৰহৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া লোকপিয়লৰ কাম-কাজ অহা বছৰৰ এপ্ৰিল মাহৰ পৰা দেশজুৰি আৰম্ভ হ'ব। ২০২৭ চনৰ এই লোকপিয়লক সময়মতে সম্পন্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে।
লক্ষ্যণীয় যে, কেন্দ্ৰীয় মন্ত্রীসভাই ইয়াৰ বাবে অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পর্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পর্যায়ত অনুষ্ঠিত হ'ব। এয়া হ'ব দেশ১১৭১৮ কোটি টকাৰ বাজেটত ৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল।
কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণবে শনিবাৰে কেন্দ্ৰীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয়, এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তর্ভুক্ত হ'ব। দেশত প্ৰথমবাৰৰ বাবে এইবাৰ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হ'ব বুলি উল্লেখ কৰি শ্রীবৈষ্ণৱে কয়, এন্ড্রইদ আৰু আই অ' এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ'ব। এই সমগ্র প্রক্রিয়াটোত ৩০ লাখ কৰ্মচাৰীক নিয়োজিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।
উল্লেখ্য যে, প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়লৰ কাম-কাজ সুচাৰুৰূপে চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংশ্লিষ্ট বিভাগসমূহক সাজু হ'বলৈ নিৰ্দেশ দিছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই দেশৰ পৰৱৰ্তী এক দশকৰ নীতিগত দিশ নিৰ্ধাৰণত সহায় কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us