জামুগুৰিহাটৰ‌ তৌভঙা জীয়াভৰলীৰ পাৰত বিশ্ব পৰিবেশ দিৱস উদযাপন

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ ভৈৰৱী শ্মশান ঘাটত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পুৱাই চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়

author-image
Asomiya Pratidin
New Update
বিশ্ব পৰিৱেশ দিৱস

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ ভৈৰৱী শ্মশান ঘাটত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পুৱাই চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয় ৷ ভৈৰৱী শ্মশান ঘাট কমিটিৰ উদ্যোগত তৌভঙাৰ তৰাজান আৰু নবিল গাঁওবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা চাফাই অভিযান আৰু গছপুলি ৰোপণ অনুষ্ঠানটিৰ আঁত ধৰে কমিটিৰ সভাপতি দেৱ ঘিমৰেই । 

Advertisment

অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বিশ্ব পৰিবেশ দিৱসৰ তাৎপৰ্য্য সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে জিলা পৰিষদৰ সদস্যা ৰেণুকা দেৱী, উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী সবিতা কাৰ্কি , আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰশ্মি থাপা, দক্ষিণ মুঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি মানস হাজৰিকাই ৷ জ্যেষ্ঠ সমাজকৰ্মী ধনপতি কাফলে, গোবিন কাৰ্কি, শিক্ষক বিনয় গৌতম, তুলসী কাৰ্কি , দ্ৰোণ শৰ্মাৰ  লগতে অঞ্চলটোৰ গণ্য মাণ্য ব্যক্তিসকলেও অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কাৰ্য্যসুচী সাফল্যমণ্ডিত কৰি তোলে । 

ভৈৰৱী শ্মশান ঘাট কমিটিৰ সম্পাদক কৃষ্ণ কড়েলে অংশগ্ৰহণকাৰী সকলো ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।

জামুগুৰিহাট