জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন

অসম সাহিত্য সভাৰ অন্যতম শাখা নগাঁও জিলাৰ বৃহত্তৰ পাখিমৰীয়া অঞ্চলৰ জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উৎসৱ দেওবাৰে উদযাপন কৰা হয়। পুৱা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
উদযাপন

ডিজিটেল সংবাদ, বেবেজীয়া : অসম সাহিত্য সভাৰ অন্যতম শাখা নগাঁও জিলাৰ বৃহত্তৰ পাখিমৰীয়া অঞ্চলৰ জ্যোতি শাখা সাহিত্য সভাৰ ৰূপালী জয়ন্তী উৎসৱ দেওবাৰে উদযাপন কৰা হয়। পুৱা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি স্থানীয় বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰা হয়। 

Advertisment

পাখিমৰীয়া নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে শাখাৰ প্ৰতিষ্ঠাপক সভাপতি হেম প্ৰসাদ বৰাই। ইয়াৰ পিছত চিত্ৰাংকন আৰু আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

এই প্ৰতিযোগিতা উদ্ধোধন কৰে শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক দীপক কুমাৰ বৰুৱাই। বিয়লি শাখা সাহিত্য সভাৰ সভাপতি উৎপল কুমাৰ বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। 

মুকলি সভা উদ্ধোধন কৰে শাখাৰ প্ৰাক্তন সভাপতি কমল চন্দ্ৰ শইকীয়াই। শাখাৰ সম্পাদক জয়ন্ত কুমাৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সমাজকৰ্মী উৎপল বৰাই প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্তই। 

মহন্তই কয় যে এটা অনুষ্ঠানৰ স্মৃতিগ্ৰন্থই একো একোটা অঞ্চলৰ ইতিহাস সজীৱ কৰি ৰাখে। নৱপ্ৰজন্মই  নিজৰ অঞ্চলৰ ইতিহাস জানিবলৈ স্মৃতিগ্ৰন্থৰ জৰিয়তে সুযোগ লাভ কৰে। 

শাখা সাহিত্য সভাৰ সভাপতি উৎপল কুমাৰ বৰাৰ "লেচেৰী বুটলি" গ্ৰন্থখন উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত ড০ বৰকটকীয়ে কয় যে উৎপল বৰা এগৰাকী নীৰৱ সাহিত্য কৰ্মী। তেওঁৰ গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰিব । আধুনিক প্ৰযুক্তি বিদ্যাৰ উত্তৰণৰ সময়তো গ্ৰন্থৰ চাহিদা কমা নাই। ছপা আখৰৰ স্পৰ্শৰ মাদকতা সুকীয়া বুলি মন্তব্য কৰি ড০ বৰকটকীয়ে কয় গ্ৰন্থ অধ্যয়নে মানুহক অনাবিল আনন্দ দিয়ে। তেওঁ নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়নত গুৰুত্ব দিবলৈ আহ্বান জনায়। 

আনহাতে শাখা সাহিত্য সভাৰ সম্পাদক জয়ন্ত কুমাৰ বৰাৰ কাব্যগ্ৰন্থ " সেই অবোধ বালক আৰু অকণমানি ছোৱালীজনীৰ চকুৰ ভাষা" উন্মোচন কৰে লেখক- সাংবাদিক কনক হাজৰিকাই। সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কুহি উপসমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা , নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা , নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকাৰ লগতে মহেশ নাথ ,অধৰ ঠাকুৰীয়া , প্ৰদীপ শইকীয়া ,মিণ্টু দাস ,কমল শৰ্মা ,ময়ুৰ কুমাৰ বৰা , উপেন বৰা আদিয়ে অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে, চিৰ চেনেহী গীতেৰে আৰম্ভ হোৱা মুকলি সভাত বৰগীত পৰিবেশন কৰে নিজৰা শইকীয়াই। প্ৰতিযোগিতা পৰিচালনা কৰে শোণিত বৰঠাকুৰ, গুণকান্ত শৰ্মা ,ময়ুৰ কুমাৰ বৰা ,নিজৰা শইকীয়াই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সমাজসেৱক মুক্তি কুমাৰ দাসে।

Bebejia