বিগত ১০ বছৰত দ্ৰুতহাৰত বৃদ্ধি পাইছে গোলকীয় উত্তাপ, ইয়াৰ বাবে দায়ী কেবল কল -কাৰখানাই নহয়...

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় বিজ্ঞানমনস্কতাৰ প্ৰসাৰত ব্ৰতী অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

author-image
Asomiya Pratidin
New Update
ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালনইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল ডেস্ক : বিগত ১০ বছৰত দ্ৰুতহাৰত বৃদ্ধি পাইছে গোলকীয় উত্তাপ। ইয়াৰ বাবে দায়ী কেৱল কল- কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা বা আৱৰ্জনাই নহয়, আৰু বহু কাৰকৰ বাবে বৃদ্ধি পাইছে গোলকীয় উত্তাপ – এই মন্তব্য পৰিৱেশবিদ ঋতু্ৰাজ ফুকনৰ। বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় বিজ্ঞানমনস্কতাৰ প্ৰসাৰত ব্ৰতী অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস।

উল্লেখযোগ্য যে, ২০০৩ চনৰ ১৫ মে’ত মৃত্যুবৰণ কৰা ইলোৰা ৰায় চৌধুৰীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজিৰ এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজিৰ এই অনুষ্ঠানত "জলবায়ু ন্যায় – আমাৰ দ্ব্যৰ্থহীন অধিকাৰ” শীৰ্ষক আলোচনা সভাও অনুষ্ঠিত কৰা হয়। এই আলোচনাত মুখ্য আলোচক হিচাপে উপস্থিত থাকে পৰিৱেশবিদ ঋতুৰাজ ফুকন। 

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

আলোচ্য বিষয়বস্তুৰ আঁত ধৰি আলোচক ফুকনে গোটেই বিশ্বজুৰি ক্ৰমবৰ্দ্ধমান জলবায়ু সংকটৰ পৰিপ্ৰেক্ষিতত জলবায়ু ন্যায়ৰ গুৰুত্ব ব্যাখা কৰে। লগতে জলবায়ু আন্দোলনৰ সৈতে জড়িত হৈ কেবাবছৰ মেৰু অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ গবেষণাৰ অভিজ্ঞতা ব্যাখ্যা কৰে। 

তেওঁ কয় - জলবায়ু ন্যায় এটি সাৰ্বজনীন মানৱ অধিকাৰ। সুস্থিৰ জলবায়ুকে ধৰি সুস্থ আৰু বহনক্ষম পৰিৱেশৰ সুবিধা লাভ কৰাটো সকলোৰে অধিকাৰ।

তাৰোপৰি বিজ্ঞান লেখক তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ আৰু বিজ্ঞান মঞ্চৰ কাৰ্যকৰী সভাপতি ড° জয়দেৱ শৰ্মায়ো জলবায়ু ন্যায়ৰ বাবে বিশ্বজুৰি গঢ় লৈ উঠা জলবায়ু আন্দোলনৰ ঘটনাক্ৰম ব্যাখা কৰে।

ঋতুৰাজ ফুকন
ঋতুৰাজ ফুকন

এই সভাতে অনুষ্ঠিত হয় বিষয়বস্তুৰ সন্দৰ্ভত অতিথিয়ে প্ৰশ্ন অৱতাৰণা কৰা শিতান। এই শিতানত বিশিষ্ট অতিথিৰ আসনৰ পৰা জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই প্ৰশ্ন অৱতাৰণা কৰি সমল ব্যক্তিৰ পৰা উত্তৰ বিচাৰে। 

প্ৰকাশ মহন্ত, জ্যেষ্ঠ সাংবাদিক
প্ৰকাশ মহন্ত, জ্যেষ্ঠ সাংবাদিক

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে চীনে নতুনকৈ নিৰ্মাণ কৰা বিশালকায় বান্ধত জমা হোৱা পানীয়ে আনিব পৰা ভাবুকি, ভূটানৰ সৰু- বৰ কৃত্ৰিম হ্ৰদসমূহে অনাগত সময়ত অসমত সৃষ্টি কৰিব পৰা সমস্যা আদি সম্পৰ্কত প্ৰশ্ন অৱতাৰণা কৰে। লগতে তেওঁ আলোচকে যুগুতাই অনা কেইবাটাও বিষয় সম্পৰ্কত মন্তব্য কৰে।

আলোচক ফুকনৰ পৰা উত্তৰ বিচাৰি জ্যেষ্ঠ সাংবাদিক মহন্তই কয় যে, ইষ্টাৰ্ণ হিমালয়ৰ ‘গ্লেচিয়াৰ’ গলাৰ ফলত ইয়াৰ স্পৰ্শকাতৰ এলেকাসমূহৰ বাবে কিবা সমিধান আছেনে নাইবা ইয়াৰ পৰিত্ৰাণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হ’ব। একেদৰে আলোচকে উল্লেখ কৰা প্ৰকৃতি প্ৰদত্ত সৌৰ শক্তি, বায়ু শক্তি আদিৰ সম্পৰ্কতো মহন্তই কেতবোৰ মন্তব্য কৰে। 

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

তেওঁ কয় যে, সৌৰ শক্তি, বায়ু শক্তিৰ বাবে কোনেও মাছুল ভৰিব নালাগে, কিন্তু এইটো কথাও ঠিক যে, আজি চৰকাৰে প্ৰকৃতি প্ৰদত্ত পানীৰ বাবে গঠন কৰিছে জল ব’ৰ্ড। বৰ্তমান মানুহে পানী কিনিহে খাব লগা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই দিশলৈ লক্ষ্য কৰি অনাগত দিনত যে, সৌৰ শক্তি, বায়ু শক্তি আদিতো কৰ নালাগিব তাৰ কি মানে আছে। এই কেইটা প্ৰশ্ন অৱতাৰণা কৰিলেও তাৰ স্পষ্ট আৰু সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে মুখ্য আলোচক ঋতুৰাজ ফুকন।

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই অনুষ্ঠান মঞ্চৰ পতাকা উত্তোলন আৰু ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ তথা শ্ৰদ্ধাঞ্জলিৰ মাজেৰে শুভাৰম্ভ হয়। তাৰ পাছতে ড° পৰমানন্দ মজুমদাৰ ৰচিত মঞ্চৰ শীৰ্ষ গীত "আহা সমাজ ভাঙো, আহা সমাজ গঢ়ো" পৰিৱেশন কৰে দীপক দত্ত আৰু মঞ্চৰ বশিষ্ঠ-বেলতলা শাখাৰ শিল্পীসকলে।

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস পালন

আজিৰ এই সভাত মঞ্চৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকী সদস্য, শুভাকাংক্ষীৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ইলোৰা বিজ্ঞান মঞ্চ