নগাঁৱত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নজৰুল ইছলামৰ জন্মজয়ন্তী উদযাপন

জ্যোতিপ্ৰসাদ-নজৰুল জন্ম-জয়ন্তী উদযাপন সমিতি, নগাঁৱৰ উদ্যোগত যোৱা তিনিটা দশক ধৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে,এইবাৰো সমিতিয়ে যোৱা ৫ আৰু ৬ জুলাইত নগাওঁ চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যথাযোগ্য মৰ্যাদাৰে ভাৰতৰ স্বাধীনতা তথা নৱজাগৰণ আন্দোলনৰ দুই বলিষ্ঠ প্ৰতিনিধি

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-08 at 10.48.23 PM

ডিজিটেল সংবাদ, নগাঁও : জ্যোতিপ্ৰসাদ-নজৰুল জন্ম-জয়ন্তী উদযাপন সমিতি, নগাঁৱৰ উদ্যোগত যোৱা তিনিটা দশক ধৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে,এইবাৰো সমিতিয়ে যোৱা ৫ আৰু ৬ জুলাইত নগাওঁ চহৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যথাযোগ্য মৰ্যাদাৰে ভাৰতৰ স্বাধীনতা তথা নৱজাগৰণ আন্দোলনৰ দুই বলিষ্ঠ প্ৰতিনিধি, মহান সমসাময়িক শিল্পী-সাহিত্যিক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিদ্ৰোহী কবি নজৰুল ইছলামদেৱৰ জন্ম-জয়ন্তী উদযাপন অনুষ্ঠান সফলতাৰে সম্পন্ন কৰে।

Advertisment

এই জন্ম জয়ন্তী উদযাপনৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা যেনে চিত্ৰাংকন, দুয়োজনা শিল্পীৰ সংগীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা আৰু জ্যোতি- নজৰুল সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভৰ্তি মাছুল নথকা এই প্ৰতিযোগিতাত এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰী শিশুৰ পৰা ডাঙৰলৈকে  সকলোৱে  অংশগ্ৰহণ কৰে ।

তাৰোপৰি ৬ জুলাই ৰবিবাৰে বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগতে এই মহান মনীষী দুজনাৰ চিন্তা দৰ্শনৰ ওপৰত এখনি আলোচনা সভা অনুষ্ঠিত হয়। এই সভাৰ আৰম্ভণিতে বহুবছৰ এই সমিতিৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি অহা প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ড০ সাগৰ বৰুৱা, বিশিষ্ট কবি অনুভব তুলসী, অসম সাহিত্য সভাৰ আজীৱন সদস্য বিশিষ্ট প্ৰবন্ধকাৰ পৰাণ বৰুৱা দেৱৰ স্মৃতিত এক মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনা জনায়।

এই আলোচনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক দেবল কুমাৰ শৰ্মাই কয় যে, আজিৰ ভোগবাদী সমাজত নতুন প্ৰজন্মৰ মাজত যি নৈতিক অৱক্ষয়ৰ সৃষ্টি হৈছে, তাৰপৰা বিচ্ছিন্ন হ'বলৈ হ'লে আমি জ্যোতিপ্ৰসাদৰ আলোকৰ যাত্ৰাত চামিল হ'ব লাগিব। এক ছপা লিখিত মুল্যৱান আদৰণি ভাষণত এই বছৰৰ সভাপতি বিশিষ্ট গল্পকাৰ, প্ৰতিষ্ঠিত লেখক তথা সাহিত্যিক শিৱানন্দ কাকতি দেৱে জ্যোতিপ্ৰসাদ আৰু নজৰুলদেৱে বিভিন্ন জাতি, জনগোষ্ঠী,জনজাতি, উপজাতি, ভাষা-ভাষী তথা ধৰ্মাৱলম্বী লোকৰ মাজত যি মানৱতাবোধৰ সন্ধান কৰিছিল, তাক আজিৰ বহুধা বিভক্ত সমাজত পুনৰ বিচাৰি যোৱাৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায়। 

মুখ্য বক্তা হিচাপে বক্তব্য দাঙি ধৰে চামগুৰি মহাবিদ্যালয় অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱাদেৱে।  সাৱলীলভাৱে তেওঁ দিয়া ভাষণত বংগ তথা অসমৰ দুই কৃতি সমসাময়িক মহান ব্যক্তিত্বৰ চিন্তাৰ দৰ্শনৰ মাজত বিপ্লৱী ধাৰাৰ কথা উল্লেখ কৰে।

আনহাতে, নতুন প্ৰজন্মৰ তীব্ৰ মেধাশক্তিবোৰৰ যাতে অপচয় নহয়, তাৰ বাবে এনে অনুষ্ঠানৰ সাংস্কৃতিক প্ৰতিযোগিতাসমূহত নিজৰ নিজৰ সন্তানক অংশ গ্ৰহণ কৰিবলৈ আগুৱাই দিয়াৰ বাবে অভিভাৱক সকলক তেওঁ ধন্যবাদ জনায়। সমিতিৰ প্ৰতিস্থাপক উদ্যোক্তা অধ্যাপক আব্দুছ ছুবুৰৰে কয় যে স্বামী বিবেকানন্দই কোৱাৰ দৰে পশুত্ব আৰু দেৱত্বৰ মাজত পাৰ্থক্য বিচাৰি আজি মানুহে মানুহৰ বাবে কাম কৰি যাবলৈ আত্মপ্ৰেৰিত হ'ব লাগিব।

সমিতিৰ প্ৰতিষ্ঠা কালৰে পৰা শাৰিৰীক অসুস্থতা সত্বেও আজি পৰ্যন্ত সমিতিৰ সৈতে নিৰলসভাবে লাগি থকা অধ্যাপিকা বৰ্ণালী শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। সভাৰ কাৰ্য্যসূচীৰ মাজত বিভিন্ন নৃত্য-গীতৰ অনুষ্ঠান পৰিবেশন কৰা হয় আৰু শেষত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক একোটা বঁটা আৰু এখন চাৰ্টিফিকেট দি পুৰস্কৃত কৰা হয়।

এনেদৰে সমিতিয়ে আয়োজন কৰা সমৃদ্ধ জন্মজয়ন্তীৰ গৌৰৱমণ্ডিত উদযাপন অনুষ্ঠানৰ সামৰণি পৰে। দুদিনীয়া এই সকলোবোৰ কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু নিয়াৰিকৈ সম্পাদন কৰি নিয়াৰ বাবে সমিতিৰ সম্পাদক দেৱল কুমাৰ শৰ্মাই সমিতিৰ সকলো সদস্য সদস্যা তথা বিষয়ববীয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

নগাঁও