কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলৰ চামগুৰি হিৰিম্বা বড়ো মাধ্যম হাইস্কুলৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন

ডিজিটেল সংবাদ, হাওৰাঘাট : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলৰ চামগুৰি হিৰিম্বা বড়ো মাধ্যম হাইস্কুলৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক অৰবিন্দ উজীৰে । 

Advertisment

ইয়াৰ পিছতে অৰবিন্দ উজীৰৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বড়ো মাধ্যমত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ - ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । 

৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন

অনুষ্ঠানৰ লগত সংগতি ৰাখি এই সভাতেই 'বড়ো মাধ্যমৰ বৰ্তমান আৰু ভৱিষ্যত' আৰু 'গুণগত শিক্ষা আহৰণ আৰু ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত বড়ো মাধ্যমৰ ভূমিকা ' শীৰ্ষক এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় । আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি মূল্যবান বক্তব্য আগবঢ়াই শিক্ষক নিৰ্মল বসুমতাৰী আৰু ৰুকাচেন কলেজৰ সহকাৰী অধ্যাপক লংকেশ্বৰ হাইনাৰীয়ে । 

৬৩ সংখ্যক বড়ো মাধ্যম দিৱস পালন

ইপিনে এই অনুষ্ঠানতে বহুকেইগৰাকী ছাত্ৰ - ছাত্ৰীয়ে বড়ো ভাষাত স্বৰচিত কবিতা পাঠ কৰে । অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, শান্তিৰাম বসুমতাৰী, থানেশ্বৰ গয়াৰী, সাহিত্য অকাডেমি বঁটাপ্ৰাপক ঋতুৰাজ বসুমতাৰী, মুনিন্দ্ৰ নাৰ্জাৰী, লংকেশ্বৰ হাইনাৰী, নিৰ্মল বসুমতাৰী, সুমেশ্বৰ বসুমতাৰী, সুবাসী বসুমতাৰী, ফুলমণী ব্ৰহ্ম, চনিয়া বাগলাৰী আদি ।

কাৰ্বি আংলং