গুৱাহাটীত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৬২ সংখ্যক স্মৃতি দিৱস উদযাপন

বহু অনন্য আৰু কালজয়ী গীতৰ স্ৰষ্টা পাৰ্ৱতিপ্ৰসাদ বৰুৱা অসমৰ তিনি সংগীত নক্ষত্ৰৰ অন্যতম । ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাৰ্ৱতিপ্ৰসাদ বৰুৱাই অসমৰ সংগীতৰ ক্ষেত্ৰখনত এখন সুকীয়া জগত সৃষ্টি কৰি থৈ গৈছে

author-image
Asomiya Pratidin
New Update
fjgh

ডিজিটেল সংবাদ, গুৱাহাটী :  'বহু অনন্য আৰু কালজয়ী গীতৰ স্ৰষ্টা পাৰ্ৱতিপ্ৰসাদ বৰুৱা অসমৰ তিনি সংগীত নক্ষত্ৰৰ অন্যতম । ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাৰ্ৱতিপ্ৰসাদ বৰুৱাই অসমৰ সংগীতৰ ক্ষেত্ৰখনত এখন সুকীয়া জগত সৃষ্টি কৰি থৈ গৈছে - সাংস্কৃতিক উপসমিতিৰ সৌজন্যত অসম সাহিত্য সভাই আয়োজন কৰা গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ ৬২ সংখ্যক স্মৃতিদিৱসত এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাৰ । 

Advertisment

গীতিকবি পাৰ্ৱতিপ্ৰসাদ বৰুৱাক সোঁৱৰণ কৰি ৰাজখোৱাই কয় যে, সাহিত্য সভাৰ বাবে পাৰ্ৱতিপ্ৰসাদ বৰুৱা চিৰকালৰ প্ৰাতঃস্মৰণীয় ব্যক্তি । সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অমূল্য অৱদানৰ উপৰিও পাৰ্ৱতিপ্ৰসাদ বৰুৱাই অসম সাহিত্য সভাকো সমৃদ্ধ কৰি গৈছে । 

অনুষ্ঠানৰ আৰম্ভণি ভাষণত ৰাজখোৱাই কয় যে, অসম সাহিত্য সভাৰ পাৰ্ৱতিপ্ৰসাদ বৰুৱা ভৱনত প্ৰৱেশ কৰিলেই আচলতে সোঁৱৰণ কৰিব লাগে পাৰ্ৱতিপ্ৰসাদ বৰুৱাক । কাৰণ, মূলতঃ পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ দানেৰে নিৰ্মাণ কৰা হৈছিল ভগৱতী প্ৰসাদ বৰুৱা ভৱন । 

ড° মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত প্ৰয়াত ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামত অসম সাহিত্য সভাৰ ভৱন নিৰ্মাণ কৰিবলৈ এই দান আগবঢ়াইছিল পাৰ্ৱতিপ্ৰসাদ বৰুৱাই ।  ৰাজখোৱাই সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা আৰু পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । 

সাহিত্য সভাৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত ৭ জুনৰ গধূলি অনুষ্ঠিত স্মৃতি দিৱসত গীতিকবিৰ স্মৃতিচাৰণ কৰে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে । গোস্বামীয়ে পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ সাংগীতিক জীৱনৰ বিভিন্ন মনোৰম কথা আলোকপাত কৰাৰ লগতে তেওঁৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে । 

স্মৃতিচাৰণ অনুষ্ঠানটিৰ আৰম্ভণিতে ড° পাৰমিতা দাস, অৰুন্ধতী আগৰৱালা, ড° নীলপৱন দাস, কৰ্নেল প্ৰশান্তপ্ৰতিম আগৰৱালা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শান্তিকাম হাজৰিকা প্ৰমুখ্যে গীতিকবিৰ পৰিয়ালৰ সদস্যসকলে পাৰ্বতি প্ৰসাদ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে । অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড° সঞ্জীৱকুমাৰ শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকা আৰু পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈক শ্ৰদ্ধা তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ফটিক দত্ত গোস্বামী আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে । 

xvdbh

শ্ৰদ্ধা তৰ্পণ কালত শ্লোকপাঠ কৰে শিল্পী জ্যোতি মালাকৰ কাকতিয়ে । আৰম্ভণি গীতৰ পিছতে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, সাহিত্যিক স্বপ্ননীল বৰুৱাই স্মৃতিদিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা 'তোমাৰ প্ৰেমৰ ভোগজৰাটি' শীৰ্ষক সংগীত অনুষ্ঠানটি উদ্বোধন কৰে । 

নিজৰ ভাষণত বৰুৱাই অসমৰ সংগীত জগত পাৰ্ৱতিপ্ৰসাদ বৰুৱাই চহকী কৰি থৈ গৈছে বুলি উল্লেখ কৰি কয় যে ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু পাৰ্ৱতিপ্ৰসাদ বৰুৱা এই তিনিওগৰাকী মনীষী আছিল ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় জনগণক জাগ্ৰত কৰিবলৈ ভাৰতীয় সংস্কৃতিৰ আলমত অসমীয়া সংস্কৃতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা পুৰোধা ব্যক্তি । তিনিওগৰাকী বৰেণ্য ব্যক্তিয়ে গীত আৰু কথাৰে অসমীয়া মানুহখিনিৰ মনত জাতীয় চেতনা প্ৰবুদ্ধ কৰিবলৈ চেষ্টা কৰিছিল বুলিও তেওঁ মন্তব্য কৰে । 

ghg

অনুষ্ঠান উদ্বোধনৰ পিছতে পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীত-কথাৰে জীপাল হৈ উঠে লক্ষ্মীৰাম বৰুৱা সদন । সাংস্কৃতিক উপসমিতিৰ‌ কাৰ্যকৰী সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথ আৰু ঘোষিকা কন্যাকুমাৰী শইকীয়াই আঁত ধৰা সংগীত অনুষ্ঠানত পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰে বিশিষ্ট শিল্পী কমল কটকী,  মৌচুমী বৰদলৈ, মেঘালী বৰদলৈ, জ্যোতি মালাকৰ কাকতি, ড° ছবি গগৈ, ড° বসন্ত বৰা আৰু ৰুমী ভূঞাই। 

বিশিষ্ট আবৃত্তিকাৰ মণিৰূপা মিশ্ৰ আৰু ইন্দ্ৰানী বৰাই কবিতা আবৃত্তি কৰা অনুষ্ঠানত নতুন প্ৰজন্মৰ শিল্পী ড্ৰিমলি কাশ্যপ, নেইনা ডেকা আৰু টাকিন গগৈয়ে গীতেৰে পাৰ্ৱতিপ্ৰসাদলৈ শ্ৰদ্ধা নিবেদন কৰে । সাংস্কৃতিক উপসমিতিৰ‌ কাৰ্যকৰী সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথ আৰু আহ্বায়ক বিশিষ্ট শিল্পী ববিতা শৰ্মাৰ পৰিচালনাত আয়োজিত সংগীতৰ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰে সুলেখিকা জীনা বৰুৱাই । ৰুমী ভূঞাৰ পৰিচালনাত গুৱাহাটীৰ এদল মহিলাই সমবেত কণ্ঠত পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰে ।

অসম সাহিত্য সভা