হাস্য-ব্যংগ বাৰ্তালোচনী “ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজিৰ পৰা প্ৰকাশিত হাস্য-ব্যংগ বাৰ্তালোচনী ”ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি গাম্ভীৰ্যতাপূৰ্ণ কাৰ্য্যসূচীৰে ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত এদিনীয়াকৈ দেওবাৰে ...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
হাস্য-ব্যংগ বাৰ্তালোচনী “ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, ধেমাজি : বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ধেমাজিৰ পৰা প্ৰকাশিত হাস্য-ব্যংগ বাৰ্তালোচনী ”ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি গাম্ভীৰ্যতাপূৰ্ণ কাৰ্য্যসূচীৰে ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত এদিনীয়াকৈ দেওবাৰে ধেমাজি জিলা মহিলা সমিতিৰ ভৱনত অনুষ্ঠিত হয় ৷ কাৰ্য্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ সহকাৰী সম্পাদক দিপক ভৰালী নেতৃত্বত সামূহিক চাফাই অভিযানেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভণি কৰা হয় ৷ 

Advertisment

হাস্য-ব্যংগ বাৰ্তালোচনী “ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বিশিষ্ট ব্যংগ সাহিত্যিক আৰু সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱাই ৷ পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন সমাপন কৰে প্ৰবীন সমাজসেৱক তথা ভাকুটকুটৰ কোষাধ্যক্ষ ৰিণী তামুলীয়ে ৷ 

দুপৰীয়া ১২ বজাত “ চিৰ চেনেহী মোৰ ভাষা জননী ”গীতেৰে প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা উদ্ধোধন কৰা হয় ৷ ৰাষ্ট্ৰীয় কৃতী শিক্ষয়ত্ৰী তথা ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোদিয়া সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ 

জ্যেষ্ঠ সাংবাদিক বীৰেণ কুমাৰ কোঁৱৰ আৰু সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া কুঞ্জ বড়াই আঁত ধৰা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ সম্পাদক কৰবী দেউৰীয়ে ৷ সভাত অসম হাস্য -ব্যংগ সাহিত্য মঞ্চ গঠন আৰু হাস্য-ব্যংগ সাহিত্যৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে মৰিধল মহাবিদ্যালয়ৰ অসীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড° কবিতা গগৈ, অনন্ত কৃষ্ণ মহন্ত, সাহিত্যিক উমেশ চেতিয়া , ভূৱন কটকী , ভূপেন দত্ত , বিপুল কুমাৰ বৰুৱা আৰু তেজপুৰৰ সুৰেখা দেউৰীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৷ 

হাস্য-ব্যংগ বাৰ্তালোচনী “ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সভাত এইবাৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰকাশ কৰি উলিওৱা এই সংখ্যাৰ আৰ্কষণ “ভাকুটকুট”ৰ হাস্য-ব্যংগ বাৰ্তালোচনী উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷ সভাত এইবাৰ “ভাকুটকুট”ৰ বাৰ্তালোচনীৰ প্ৰথম প্ৰকাশক প্ৰয়াত পুষ্পলতা ৰাজখোৱা সোৱঁৰণী বঁটা বৰ্ষটোৰ শ্ৰেষ্ঠ ব্যংগ লেখক হিচাপে গুৱাহাটীৰ মিহিৰ কুমাৰ বৰুৱাক প্ৰদান হয় ৷ 

ভাকুটকুট বাৰ্তালোচনী প্ৰতিষ্ঠাক তথা ব্যংগ লেখক বিমল ৰাজখোৱা পত্নীৰ নামত উছৰ্গা কৰা এই বঁটাত নগদ দহ হেজাৰ টকাৰ লগতে ফুলাম গামোছা , স্মাৰক আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয় ৷ বৰ্ষটোৰ দ্বিতীয় শ্ৰেষ্ঠ বঁটা হিচাপে প্ৰয়াত যুৱ ব্যৱসায়ী মানস প্ৰতীম তামুলী সোঁৱৰণী বঁটা মৰানৰ ব্যংগ লেখক দূৰ্গাধৰ দিহিঙ্গীয়াক আৰু প্ৰয়াত ভূপেন সন্দিকৈ সোঁৱৰণী বঁটা তেজপুৰৰ দেৱ দাসক প্ৰদান কৰা হয় ৷ 

হাস্য-ব্যংগ বাৰ্তালোচনী “ভাকুটকুট”ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজিৰ জ্যেষ্ঠ মহিলা ৰিণী তামুলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি নিবেদিতা বড়া সন্দিকৈয়ে আগবঢ়োৱা এই দুয়োটা বঁটাত নগদ পাঁচ হেজাৰকৈ টকা লগতে, ফুলাম গামোছা , স্মাৰক একোটাকৈ কিতাপৰ টোপোলাৰে প্ৰদান কৰা হয় ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জীতেন চুতীয়া, পুন্যেশ্বৰ বৰগোহাঁই , বিমলা গগৈ গোহাঁই , পদ্মেশ্বৰ দিহিঙ্গীয়া, উমেশ খাণ্ডেলীয়া , প্ৰেমানন্দ তালুকদাৰ , বিনোদ গগৈ , নিলাম্বৰ দত্ত, দিলীপ কুমাৰ হাজৰিকা , ঘন কৃষ্ণ  বৰগোহাঁই , অশ্বিনী কুমাৰ দুৱৰা, বন্দনা দত্ত হাজৰিকা , ড° অচ্যুৎ গগৈ , নিৰমা বৰুৱা আৰু জীতেন ৰাজকোঁৱৰকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

dhemaji