/asomiyapratidin/media/media_files/2025/07/13/393-2025-07-13-15-37-18.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত স্থানীয় শাখা সমিতিৰ সহযোগত দেওবাৰে বালিপৰাৰ খনামুখৰ ৰৌমাৰী গোৰ্খা ভৱনত আদি কবি ভানুভক্ত আচাৰ্য্যৰ ২১১ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় । ৰৌমাৰী হৰি-হৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰণ বাহাদুৰ বৰালে আঁত ধৰা অনুষ্ঠানটিৰ পুৱাই বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ হয় ৷
অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি গকুল বছনেটৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নাৰায়ণ দাসে। দাসে ভানুভক্ত আচাৰ্য্যৰ জীৱন বৃত্তান্ত সন্দৰ্ভত তত্ত্বগধুৰ মন্তব্য আগবঢ়ায়।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ভূৱন শৰ্মা, উপ সভাপতি সঞ্জয় চিমখড়া, কাৰ্যনিৰ্বাহ সদস্য বিবেক পৰাজুলি, অসম সাহিত্য সভাৰ খনামুখ শাখা সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চহৰীয়াই ৷ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা পৰিষদ সদস্যা মনিষা উপাধ্যায়, মানশিৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জিনামণি দেবী তপ্ন , আঞ্চলিক পঞ্চায়তৰ সভাপতি শংকৰ চেত্ৰী , গাঁও প্ৰধান কৃষ্ণ চেত্ৰী, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দেৱ বাহাদুৰ চেত্ৰীকে ধৰি গণ্য মাণ্য ব্যক্তিসকল ।
আনহাতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ- ছাত্ৰীসকলক অভিনন্দন জনাই মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত কন কন শিশুসকলে গীত -নৃত্য পৰিবেশন কৰি ৰাইজক আপ্লুত কৰে । অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে ৰৌমাৰী হৰি-হৰ মন্দিৰ পৰিচালনা সমিতিৰ হৈ সভাপতি ৰণ বাহাদুৰ বৰাল আৰু সম্পাদক মানসিং কটোৱালে সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷