হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত 'বন্দে মাতৰম'ৰ ১৫০ বছৰীয়া বৰ্ষপূতি পালন

দেশজুৰি আজি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ভাৰত সৃষ্টি বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া বৰ্ষপূতি পালন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্ধোগতো জিলা আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে বন্দেমাতৰম গীতৰ ১৫০ বছৰীয়া বৰ্ষপূতি পালন কৰা হয়

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
155

ডিজিটেল সংবাদ, হাটশিঙিমাৰি : দেশজুৰি আজি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ভাৰত সৃষ্টি বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া বৰ্ষপূতি পালন কৰা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্ধোগতো জিলা আয়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া বৰ্ষপূতি পালন কৰা হয়। 

জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা জ্যোষ্ঠ আৰক্ষী অধীক্ষক সিংহৰাম মিলিৰ লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰী আৰু সচেতন নাগৰিক সকলক লৈ একেলগে সমূহীয়াকৈ বন্দে মাতৰম গীত পৰিবেশন কৰা হয়। এই কাৰ্যসূচীৰ পাছতেই বন্দে মাতৰম গীতৰ সৃষ্টিৰাজীক লৈ সৰ্ব শিক্ষা মিছনৰ জিলা আঁচনি বিষয়া ৰাফিউল আলম আহমেদ ভাষণ প্ৰদান কৰে।

জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পোনপটীয়াকৈ সম্প্ৰচাৰ চৰকাৰী বিষয়া কৰ্মচাৰী সকলে উপভোগ কৰে।

হাটশিঙিমাৰী