/asomiyapratidin/media/media_files/2025/08/02/ap-for-web-new-format-copy-2025-08-02-13-38-04.jpg)
ডিজিটেল ডেস্ক : প্রগতি এডুটেকৰ প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বক স্বীকৃতি দি, বার্ষিক বিনয় ভূষণ চৌধুৰী সোঁৱৰণী বঁটা উন্মোচনৰ লগত সংগতি ৰাখি প্রগতি এডুটেকে ১৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰে। প্রগতি এডুটেক, গুৱাহাটীয়ে ২০১১ চনত আৰম্ভ হোৱাৰ পৰাই উত্তৰ-পূব ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক সবলীকৰণ কৰি আহিছে "Educate Empower Advance" শীর্ষক মূলমন্ত্ৰৰে।
শনিবাৰে ইয়াৰ চতুৰ্দশ প্রতিষ্ঠা দিৱস উদযাপন প্রগতি এডুটেক, গুৱাহাটীয়ে প্রয়াত বিনয় ভূষণ চৌধুৰীৰ চিৰস্থায়ী উত্তৰাধিকাৰলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু প্ৰগতি এডুটেক প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰগতি এডুটেকৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক সঞ্জিত ৰাজ চৌধুৰী আৰু সুজয় বৰুৱাই উৎসাহিত হৈ এই সম্পৰ্কত কয় যে "আমি এই বঁটা মুকলি কৰি ৰোমাঞ্চিত হৈছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অবিশ্বাস্য যাত্ৰাৰ এক শক্তিশালী প্ৰভাৱ আৰু এক সজীৱ প্রমাণ"।
লগতে কয়- দেশৰ যুৱক-যুৱতীসকলক অত্যাধুনিক দক্ষতা প্ৰদানৰ ক্ষেত্ৰত দেশজোৰা প্ৰচেষ্টাত প্রগতি এডুটেকে উল্লেখযোগ্য অৰিহণা যোগোৱা বুলি প্রমাণিত হৈছে। তেওঁলোকে ভাৰত আৰু সমগ্ৰ বিশ্বতে কৰ্মৰত ১২০০০ৰো অধিক ছাত্র-ছাত্রীক প্রশিক্ষণ দি কর্ম সংস্থাপন দিছে।
উল্লেখযোগ্য যে, এই বঁটাত প্রয়াত বিনয় ভূষণ চৌধুৰীৰ পত্নী এষা চৌধুৰীয়ে মুঠ ৬০,০০০/-টকা নগদ পুৰস্কাৰৰ লগতে প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে। প্ৰগতিৰ কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকলে অনলাইন আৰু অফলাইন দুয়োটাতে এসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, প্ৰগতি এডুটেকৰ এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে "Legacy of Learning, Journey of Excellence."