/asomiyapratidin/media/media_files/2025/05/19/uWpP0rypofQXjdbpy2iA.jpg)
পশ্চিম কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় উচ্চ ৰক্তচাপ দিৱস পালন
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো “ৰাষ্ট্ৰীয় উচ্চ ৰক্তচাপ দিৱস” উদযাপন কৰা হয় । পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ তথা অসংক্ৰামক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত জিলাখনৰ আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰত স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ।
উচ্চ ৰক্তচাপৰ কু-প্ৰভাৱৰ বিষয়ে মানুহক সজাগ কৰাৰ লগতে ইয়াক প্ৰতিৰোধ কৰিবলৈ ল’বলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভত স্বাস্থ্য বিষয়াসকলে জনসাধাৰণক অৱগত কৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি, বিশ্বব্যাপী ৩০-৭৯ বছৰ বয়সৰ আনুমানিক ১.২৮ বিলিয়ন লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে । ইয়াৰ ভিতৰত, উচ্চ ৰক্তচাপ থকা আনুমানিক ৪৬ শতাংশ লোকেই নাজানে যে, তেওঁলোকৰ শৰীৰত এই সমস্যাত আছে , যাৰ বাবে ই অধিক উদ্বেগজনক হৈ পৰিছে ।
এই কাৰ্যসূচীৰ অংশ হিচাপে বৈঠালাংচু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা সোমবাৰে এটি ৰেলী বাহিৰ কৰা হয় । এই ৰেলী উদ্ধোধন কৰি মহকুমা স্বাস্থ্য বিষয়া ডাঃ লংবিৰাম ডেৰাই কয়- সমগ্ৰ বিশ্বতে বহুলোকৰ অকাল মৃত্যুৰো এক মুখ্য কাৰণ হৈছে উচ্চ ৰক্তচাপ ৷ পূৰ্বে ৪০ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ উচ্চ ৰক্তচাপ হোৱা বুলি ধাৰণাটো এতিয়া সলনি হৈছে ৷ বৰ্তমানসময়ত বহু কম বয়সৰ যুৱক-যুৱতী এনে সমস্যাত আক্ৰান্ত হোৱা দেখা যায় ৷ আমি উচ্চ ৰক্ত চাপৰ স্ক্ৰিনিং ঘৰে ঘৰে গৈ কৰি আহিছোঁ ।
বিপদাশঙ্কাত থকা ৰোগীসকলক সময়ে সময়ে আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে বৈঠালাংচুস্থিত স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা হয় আৰু ৰোগীসকলক বিনামূলীয়াকৈ ঔষধো দিয়া হয় । আমি এই কাৰ্য্যসূচী অনাগত দিনত আৰু অধিক তীব্ৰতৰ কৰি তুলিম ।
উল্লেখযোগ্য যে, আজি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচুৰ লগতে উমপানাই, জিৰিকিণ্ডিং, ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অন্তৰ্গত ক্ৰকেনদাং, লামচাখাং, বৰঠল, সাতগাঁও, লং-এহ-লুবৈ, পানিমুৰতো সজাগতামূলক অনুষ্ঠানৰ লগতে উপস্থিত থকা ৰাইজক উচ্চ ৰক্তচাপৰ স্ক্ৰিনিং কৰা হয় ।