ধুবুৰীত বিশ্ব জলাতংক ৰোগ দিৱস পালন...

সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
ধুবুৰীত বিশ্ব জলাতংক ৰোগ দিৱস পালন...

Celebrating World Rabies Day

ডিজিটেল সংবাদ, ধুবুৰীঃ বুধবাৰে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ প্ৰেক্ষাগৃহত সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী আৰু ৰাষ্ট্ৰীয় জলাতংক ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ অধীনত বিশ্ব জলাতংক ৰোগ দিৱস পালন কৰা হয়।

সকলোৰে বাবে সুস্বাস্থ্য, জলাতংক ৰোগ ৰোধ, ২০৩০ চনৰ ভিতৰত জলাতংক ৰোগ দূৰ কৰা তথা জলাতংক ৰোগ কেনকৈ বিয়পে আৰু জন্তুৱে কামুৰিলে কি কৰা উচিত আৰু কি কৰা অনুচিত আদি বহল ভাৱে সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ জিলা তত্বাবধায়ক বিষয়া আৰু জিলা পশু চিকিৎসা বিষয়াই বিশ্লেষণ কৰে।

সভাত ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া, লগতে সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ কৰ্মকৰ্তা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

dhuburi