চিলপথাৰ সীমান্তৱৰ্তী চিলি অসমীয়া আদৰ্শ বৰনামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

অসম - অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাসুতি পঞ্চায়তৰ এক পুৰণি গাঁও হ'ল চিলি অসমীয়া গাঁও। এই গাঁৱতে ১৯৫৬ চনত স্থাপিত চিলি অসমীয়া আদৰ্শ বৰনামঘৰৰ স্বৰ্ণজয়ন্তী বৰ্ষ বুধবাৰৰ পৰা আৰম্ভ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
চিলপথাৰ সীমান্তৱৰ্তী চিলি অসমীয়া আদৰ্শ বৰনামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

চিলপথাৰ সীমান্তৱৰ্তী চিলি অসমীয়া আদৰ্শ বৰনামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰ : অসম - অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী চিলাসুতি পঞ্চায়তৰ এক পুৰণি গাঁও হ'ল চিলি অসমীয়া গাঁও। এই গাঁৱতে ১৯৫৬ চনত স্থাপিত চিলি অসমীয়া আদৰ্শ বৰনামঘৰৰ স্বৰ্ণজয়ন্তী বৰ্ষ বুধবাৰৰ পৰা আৰম্ভ কৰা হয়। 

Advertisment

উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজিত গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষৰ আজি প্ৰথমটো দিনাৰ পুৱাৰ কাৰ্য্যসূচী অনুসৰি ধৰ্মধজ্জা উত্তোলন, গছপুলি ৰোপন আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হয়। ইয়াৰ পিছতে আৰম্ভ হয় ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰা। 

প্ৰতিকুল বতৰকো নেওচি পবিত্ৰ শ্ৰীমদ্ভাগৱত লৈ প্ৰায় ৫০০ ৰাইজে অংশ লয় এই শোভাযাত্ৰাত। প্ৰতিখন ঘৰৰ পদূলিয়ে পদূলিযে গঞাই কুশল মংগল কামনা কৰি অষ্টাংগে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হয়। তাৰোপৰি বিয়লি অনুষ্ঠিত হয় ধৰ্মালোচনী আৰু দিহানাম প্ৰদৰ্শনী।

silapathar