/asomiyapratidin/media/media_files/2025/04/04/YjVJOkfkqelQHMdKDLld.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাটৰ ৰঙামাটি পঞ্চায়ত সমবায় সমিতিয়ে অতিক্ৰম কৰিলে ৫০ টা বৰ্ষ ৷ এই শুভ ক্ষণত সমবায় সমিতিখনৰ কাৰ্যকৰ্তাসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ আয়োজন কৰাৰ কথা জানিবলৈ দিয়ে ৷
উদ্যোক্তাই জনোৱা অনুসৰি অহা ২৪ এপ্ৰিল ২০২৫ৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সোণালী জয়ন্তী আৰু ব’হাগী উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই উপলক্ষে বাদুলিপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গায়ন-বায়নসহ মাংগলিক ৰীতি-নীতিৰে স্থাপন কৰে লাইখুঁটা ।
সমবায় সমিতিৰ বিষয়ববীয়াৰ লগতে বাদুলিপাৰবাসী ৰাইজৰ উপস্থিতিত লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ আনহাতে চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব লগা উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।