শিঙিয়া পোতনীত নৱৰং গোষ্ঠীৰ ৰঙালী বিহু উৎসৱ উদযাপন

নগাঁও জিলাৰ শিঙিয়া পোতনী অঞ্চলৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হৈছে

author-image
Asomiya Pratidin
New Update
ৰঙালী বিহু উৎসৱ উদযাপন

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ শিঙিয়া পোতনী অঞ্চলৰ নৱৰং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩৮ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰা হৈছে। গোষ্ঠীৰ ৪০সংখ্যক বর্ষপুৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি পোতনি ম'হৰচুকস্থিত গোষ্ঠীৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা ব’হাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীৰ সভাপতি সুৰেশ বৰাই।

Advertisment

ৰঙালী বিহু উৎসৱ উদযাপন

বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চন্দ্ৰকান্ত বৰাই। ইয়াৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে নগাঁও জিলা শাৰীৰিক শিক্ষা নিৰ্দেশক সন্থাৰ সভাপতি ৰূপক শইকীয়াই।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নাট্যকাৰ তথা অভিনেতা প্ৰণৱ বৰুৱা। উদযাপন সমিতিৰ সম্পাদক অংকুৰ বৰা আৰু দিগন্ত বৰাই আঁত ধৰা অনুষ্ঠানত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংবাদিক নিপুল বৰাই।

ৰঙালী বিহু উৎসৱ উদযাপন

উদ্যোক্তাই জনোৱা অনুসৰি, নিশা প্ৰয়াত জানু বৰা সোঁৱৰণী নাট সন্ধ্যাত নাট্যকাৰ চম্পক শৰ্মাৰ ৰচনা আৰু নাট্যকৰ্মী দিলীপ কুমাৰ বৰা, ৰেখামনি শইকীয়া বৰাৰ পৰিচালনাৰে সামাজিক নাটক "মন তই নাকান্দিবি" মঞ্চস্থ কৰা হ’ব। একেদৰে শুকুৰবাৰে পুৱা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে নিশালৈ প্ৰয়াত চেনীৰাম বৰা সোঁৱৰণী নাট সন্ধাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু অভিনেতা সূৰ্য বৰাৰ পৰিচালনাৰে "মা কচম" নাটকখনি মঞ্চস্থ কৰা হ’ব।

অন্তিম দিনা দুপৰীয়া প্ৰতিভা বিকাশ প্ৰতিযোগিতা, বিয়লি চেমনীয়া একক নৃত্য প্ৰতিযোগিতাৰ পিছতেই বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব। নিশা আমন্ত্ৰিত বিহু দলৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে "নৱৰংৰ এনিশা শীৰ্ষক" সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

rongali bihu uriyagaon