Advertisment

চাৰিদুৱাৰত বাবু ডম্বৰ সিং গুৰুঙৰ ১২৫ সংখ্যক জন্মজয়ন্তী উদযাপন...

অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই মহান মনিষীজনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে এটি গোৰ্খালী গীতেৰে সকলোৰে মন প্ৰাণ আপ্লুত কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  সদৌ অসম গুৰুং সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত  জিলা সমিতিৰ আতিথ্যত তথা অসমৰ গোৰ্খা জনগোষ্ঠীয় ভাতৃ সংগঠনৰ সহযোগত স্বাধীনতা সংগ্ৰামী, ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি,ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত সমিতিৰ একমাত্ৰ গোৰ্খা প্ৰতিনিধি সদস্য তথা ভাৰতীয় গোৰ্খা সকলৰ  পিতামহস্বৰূপ বাবু ডম্বৰ সিং গুৰুঙৰ ১২৫ তম জন্মজয়ন্তী উপলক্ষে মহান মনিষী জনৰ প্ৰতিমূৰ্তি উন্মোচন সমাৰোহ চাৰিদুৱাৰৰ লোখৰা লাবৰঘাৰি খেলপথাৰত অনুষ্ঠিত হয়। 
 
অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই মহান মনিষীজনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে এটি গোৰ্খালী গীতেৰে সকলোৰে মন প্ৰাণ আপ্লুত কৰে। ইয়াৰ পিছতে বাবু ডম্বৰ সিং গুৰুঙৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে দাৰ্জিলিঙৰ গোৰ্খা জনমূক্তি মৰ্চ্চাৰ অধ্যক্ষ বিমল গুৰুঙে৷

Advertisment

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভাই৷ সদৌ অসম গুৰুং সংঘৰ কেন্দ্ৰীয় সভাপতি চুনিল গুৰুং, উপসভাপতি ভক্তৰাজ গুৰুং আৰু মূখ্য উপদেষ্টা বলবীৰ গুৰুং,  গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি চুনিল ছেত্ৰীৰ লগতে বহুকেইগৰাকী গন্যমান্য ব্যক্তি ও কেইবা শতাধিক গোৰ্খা ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত বিধায়ক পদ্ম হাজৰিকাই ডম্বৰু সিং গুৰুং ৰংগমঞ্চৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ এককালীন অনুদান আগবঢ়ায়।

জামুগুৰিহাট