/asomiyapratidin/media/media_files/2025/04/24/Lkl5ArwetzHknSOSFNit.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামত সংঘটিত নাৰকীয় কাণ্ডৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰত চৰকাৰ। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত ভাৰত চৰকাৰৰ নিৰাপত্তা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয়।
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে। উক্ত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গ্ৰহণ কৰা সিদ্ধান্ত সমূহ-
- পাকিস্তানী নাগৰিকৰ ভিছা বাতিল
- ৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তানী নাগৰিকক ভাৰত ত্যাগৰ কঠোৰ নিৰ্দেশ
- শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ সিন্ধু জল চুক্তি বাতিল
- SAARCৰ অধীনত পাক নাগৰিকে নাপাব ভাৰতীয় ভিছা
- আটাৰী সীমান্ত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত
- পাক প্ৰতিৰক্ষা বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ
- ৪৮ ঘণ্টাৰ ভিতৰত পাক প্ৰতিৰক্ষা বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছে।
- পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়াৰ সংখ্যা ৫৫ জনৰ পৰা ৩০জনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত
বৈঠকখনৰ অন্তত ভাৰত চৰকাৰৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এখন সংবাদমেলযোগে এই সিদ্ধান্তসমূহ সদৰী কৰে। উল্লেখ্য যে, মঙলবাৰে পেহেলগামৰ বৈছাৰণ উপত্যকাত পাকিস্তানৰ সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক গুলীয়াই হত্যা কৰিছিল, যাৰ ভিতৰত ২৫ জনে আছিল পৰ্যটক। এই বৰ্বৰ কাণ্ডৰ পাছতে এতিয়া প্ৰত্যত্তৰৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ।