১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত হ’ব CTET…

১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত হ’ব CTET…

author-image
asomiyapratidin
New Update
১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত হ’ব CTET…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শিক্ষক যোগ্য পৰীক্ষা অৰ্থাৎ চেন্ট্ৰেল টিচাৰ এলিজিবিলিটী টেষ্ট ১৬ ডিচেম্বৰ, ২০২১ৰ পৰা ১৩ জানুৱাৰী, ২০২২ৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। চিবিএছইয়ে এক জাননী জাৰি কৰিছে য'ত উল্লেখ কৰা হৈছে যে এই পৰীক্ষাৰ বাবে ২০ ছেপ্টেম্বৰৰ পৰা আৱেদন কৰা প্ৰাৰ্থীসকলে চিবিটি মোডতে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব।

Advertisment

উল্লেখযোগ্য যে, এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলে যদি নিজৰ আৱেদনপত্ৰত যিকোনো ধৰণৰ শুধৰণি বা সালসলনি কৰিব বিচাৰে তেন্তে সেই কাম ২৮ অক্টোবৰৰ পৰা ৩ নবেম্বৰৰ ভিতৰত কৰিব পাৰিব। এই তাৰিখৰ পাছত আৱেদন পত্ৰত কৰা কোনো শুধৰণি বা সালসলনি গ্ৰহণযোগ্য নহ'ব বুলি সদৰি কৰা হৈছে এই জাননীত। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পোষ্ট গ্ৰেজুৱেট (৫৫ শতাংশ) অথবা বি.এড-এম.এড ডিগ্ৰীধাৰী হ'ব লাগিব।