CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গহপুৰৰ আকাংক্ষা প্ৰতীমৰ ৯৫ শতাংশ নম্বৰেৰে সফলতা

CBSEৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৫ শতাংশ নম্বৰেৰে চমকপ্ৰদ সফলতা লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে গহপুৰৰ মেধাৱী ছাত্ৰী আকাংক্ষা প্ৰতীম হাজৰিকা(ৰিয়া)।

author-image
Tushar Pratim
New Update
CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত গহপুৰৰ আকাংক্ষা প্ৰতীমৰ ৯৫ শতাংশ নম্বৰেৰে সফলতা

ডিজিটেল সংবাদ, ছয়দুৱাৰ: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(চি বি এছ ই)ৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৫ শতাংশ নম্বৰেৰে চমকপ্ৰদ সফলতা লাভ কৰি কৃতিত্বৰ অধিকাৰী হৈছে গহপুৰৰ মেধাৱী ছাত্ৰী আকাংক্ষা প্ৰতীম হাজৰিকা(ৰিয়া)। বিশ্বনাথ জ্ঞান ভাৰতী স্কুলৰ পৰা উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা আকাংক্ষা প্ৰতীম হাজৰিকাই ঘোষিত ফলাফলত ইংৰাজীত ৯৫, ৰাজনীতি বিজ্ঞানত ৯৮, ভূগোলত ৯৮, বুৰঞ্জীত ৯২ আৰু অৰ্থনীতি বিষয়ত লাভ কৰে ৯২ নম্বৰ।

Advertisment

তেওঁ বিশ্বনাথ জ্ঞান ভাৰতী স্কুলৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হৈছে।সৰুৰে পৰা অধ্যয়নৰ ক্ষেত্ৰত অত্যন্ত মেধাৱী আকাংক্ষা প্ৰতীম হাজৰিকা গহপুৰ পৌৰসভাৰ অন্তৰ্গত ছত্ৰং পাৰ নিবাসী, যুৱ ব্যৱসায়ী প্ৰতীম হাজৰিকা আৰু উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জুমণি ছেত্ৰীৰ একমাত্ৰ কন্যা।

কৃতী ছাত্ৰীগৰাকীক গহপুৰ শৈক্ষিক সমাজে অনাগত শৈক্ষিক যাত্ৰাৰ বাবে আৰ্শীবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। 

গহপুৰ চি বি এছ ই