চিবিএছইৰ ফলাফল ঘোষণা, শীৰ্ষস্থানত ২ গৰাকী ছাত্ৰী…

চিবিএছইৰ ফলাফল ঘোষণা, শীৰ্ষস্থানত ২ গৰাকী ছাত্ৰী…

author-image
asomiyapratidin
New Update
চিবিএছইৰ ফলাফল ঘোষণা, শীৰ্ষস্থানত ২ গৰাকী ছাত্ৰী…

ফাইল ফটো

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘোষণা কৰা হয় চিবিএছই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ অৱশ্যে সমগ্ৰ দেশত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল ছাত্ৰী। দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে দুগৰাকী ছাত্ৰীয়ে। এই দুয়োগৰাকী ছাত্ৰীয়েই উত্তৰপ্ৰদেশৰ

Advertisment

চিবিএছইৰ শ্বেয়াৰমেন অমিতা কৰৱালে এক সংবাদমেলযোগে ঘোষণা কৰে এই ফলাফল। তেওঁ লগতে জনায় যে এইবাৰৰ ফলাফলত দুগৰাকী ছাত্ৰীয়ে শীৰ্ষস্থান লাভ কৰিছে। ছাত্ৰী দুগৰাকী ক্ৰমে- হন্সিকা শুক্লা। তেওঁ ৪৯৯ নম্বৰ লাভ কৰিছে। হন্সিকা গাজিয়াবাদৰ মেৰঠ ৰোডস্থিত ডিপিএছৰ ছাত্ৰী। আৰু আনগৰাকী ছাত্ৰী হ'ল কৰিশ্মা অৰৌৰা। তেওঁ ৪৯৯ নম্বৰেই লাভ কৰিছে। কৰিশ্মা উত্তৰপ্ৰদেশৰ মুজফৰনগৰস্থিত এছ ডি পাব্লিক স্কুলৰ ছাত্ৰী।

উল্লেখ্য যে, এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৮৩.৪ শতাংশ। ইয়াৰে ছাত্ৰীয়ে উত্তীৰ্ণ হোৱা হাৰ ৮৮.৭০ শতাং। আৰু ছাত্ৰই উত্তীৰ্ণ হোৱা হাৰ ৭৯.৪ শতাংশ। দ্বাদশ শ্ৰেণীৰ ফলাফলৰ বাবে চিবিএছইৰ অফিচিয়েল ৱেবছাইট cbseresults.nic.in  আৰু results.nic.inত লাভ কৰিব।