জুলাই মাহত অনুষ্ঠিত হ’ব CBSEৰ পৰীক্ষা…

জুলাই মাহত অনুষ্ঠিত হ’ব CBSEৰ পৰীক্ষা…

author-image
asomiyapratidin
New Update
জুলাই মাহত অনুষ্ঠিত হ’ব CBSEৰ পৰীক্ষা…

ডিজিটেল ডেস্কঃ কোৰোনাৰ ত্ৰাসৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰণালয়ে চি বি এছ ইৰ পৰীক্ষাৰ তাৰিখৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শুকুৰবাৰে ঘোষণা কৰা হৈছে যে, CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, এই বৰ্ষৰ চি বি এছ ই পৰীক্ষা অনুষ্ঠিত নহয় বুলি চৰ্চা চলি থকাৰ মাজতে যোৱা ৩০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা হ'ব বুলি স্পষ্ট কৰি দিছিল। কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰণালয়ে লগতে ঘোষণা কৰিছে যে, চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ২৯ টা গুৰুত্বপূৰ্ণ বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু।

Advertisment


— ANI (@ANI) May 8, 2020