জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা…

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা…

author-image
asomiyapratidin
New Update
জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ নিশাংক পখ্ৰীয়ালৰ গুৰুত্বপূৰ্ণ ঘোষণা. কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহয় জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক ভাৰ্চুৱেল বাৰ্তালাপত কয়- 'দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। আৰু কেতিয়া এই পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সেই সন্দৰ্ভত পাছত লোৱা হ'ব সিদ্ধান্ত।'

তদুপৰি, অনলাইনযোগে চিবিএছই বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বুলিও স্পষ্ট কৰিলে মন্ত্ৰী পখ্ৰীয়ালে। ইয়াৰে পূৰ্বে তেওঁ ১০ ডিচেম্বৰত ভাৰ্চুৱেল বাৰ্তালাপত ছাত্ৰ-ছাত্ৰীসকলক অনলাইন মাধ্যমেৰে এই পৰীক্ষা অনুষ্ঠিত নহয় বুলি ঘোষণা কৰিছিল।