পশ্চিম বংগৰ হিংসাত্মক কাৰ্যৰ তদন্ত কৰিবলৈ CBI ক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

পশ্চিম বংগৰ হিংসাত্মক কাৰ্যৰ তদন্ত কৰিবলৈ CBI ক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
পশ্চিম বংগৰ হিংসাত্মক কাৰ্যৰ তদন্ত কৰিবলৈ CBI ক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্ক: পশ্চিম বংগৰ বীৰভূমত সংঘটিত হোৱা হিংসাত্মক কাৰ্যই জোকাৰি গৈছে সমগ্ৰ দেশ।এই ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে। এই আদেশ জাৰি কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে।

Advertisment

উল্লেখ্য যে, বীৰভূমৰ ৰামপুৰহাতত তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ হত্যাৰ পাছতেই হিংসাত্মক কাৰ্যকালাপ আৰম্ভ হৈছিল। কেইটাবাটাও ঘৰত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই যাৰ ফলত ৮ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰিছিল। এই সন্দৰ্ভত বৰ্তমানলৈ ২০ জন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।

এতিয়া পশ্চিম বংগ আৰক্ষীয়ে এছআইটি গোচৰটো চিবিআইক লৈ প্ৰেৰণ কৰিব।ন্যায়ালয়ে শুনানিৰ সময়ত কয় যে ৰাজ্যৰ আৰক্ষীয়ে ইয়াৰ ওপৰত তদন্ত কৰিব নোৱাৰিব। ন্যায়ালয়ে চিবিআইক নিৰ্দেশ প্ৰদান কৰি কয় যে ৭ এপ্ৰিলৰ ভিতৰত তেওঁলোকে প্ৰগ্ৰেম ৰিপোৰ্ট ফাইল কৰিব লাগিব।

cbi west bengal violence