ভয়ংকৰ অনিয়মঃ চি বি আইৰ জালত ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ সভাপতি...

ভাৰতীয় ফাৰ্মাচী কাউন্সিলত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে। দেশৰ ফাৰ্মাচী কলেজৰ অনুমোদনত দুৰ্নীতি- অনিয়মৰ অভিযোগত চিবিআইয়ে ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ সভাপতি মন্টু এম পেটেলৰ ঘৰত চলাই অভিযান।

New Update
uijjdd

ডিজিটেল ডেস্কঃ ভাৰতীয় ফাৰ্মাচী কাউন্সিলত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ তথ্য লাহে লাহে পোহৰলৈ আহিছে। দেশৰ ফাৰ্মাচী কলেজৰ অনুমোদনত দুৰ্নীতি- অনিয়মৰ অভিযোগত চিবিআইয়ে ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ সভাপতি মন্টু এম পেটেলৰ ঘৰত চলাই অভিযান।

উল্লেখ কৰা প্ৰয়োজন যে, এই অনিয়মৰ বিৰুদ্ধে চলি থকা প্ৰাথমিক তদন্তৰ  তথ্যত প্ৰকাশ পাইছে যে,  কলেজসমূহক অনুমোদন প্ৰদানৰ ক্ষেত্ৰত দুৰ্নীতি, নিয়ন্ত্ৰণৰ লগতে আন বহু বিসংগতিৰ তথ্য  ধৰা পেলাইছে চি বি আয়ে। কাউন্সিলৰ নিৰ্বাচনৰ ক্ষেত্ৰতো কিছু খেলি-মেলি আছে বুলি তদন্তত পোহৰলৈ আহিছে। 

তদন্তকাৰী সংস্থাৰ মতে,  নেতিবাচক প্ৰতিবেদনৰ সত্ত্বেও অনুমোদন প্ৰদান কৰা হৈছিল একাধিক ৰাজ্যৰ কেইবাখনো কলেজক।  আন্তঃগাঁথনিগত অভাৱ থকা স্বত্ত্বেও এই অনুমোদন প্ৰদান কৰিছিল ভাৰতীয় ফাৰ্মাচী কাউন্সিলৰ সভাপতি মন্টু এম পেটেলে।

এইসকলোবোৰ দিশক লৈ চি বি আয়ে অনুসন্ধান অব্যাহত ৰাখিছে। আগন্তুক সময়ত এই অভিযানত আৰু অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে। এক সুত্ৰই সদৰি কৰা অনুসৰি, অনিয়মেৰে কলেজ অনুমোদন লাভ কৰা দেশৰ কেইবা শ কলেজৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে। 

ভাৰত