Advertisment

NEET-UG ২০২৪ পৰীক্ষাৰ ভুৱা প্ৰাৰ্থীৰ বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ...

বিহাৰৰ পুৰ্ণিয়াত NEET-UG ২০২৪ৰ চাৰিজন প্ৰাৰ্থীয়ে ভুৱা প্ৰাৰ্থীৰ সহায় লোৱাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক নতুন গোচৰ ৰুজু কৰিছে । এই তথ্য বুধবাৰে সদৰী কৰে তদন্তকাৰী সংস্থাৰ বিষয়াসকলে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  বিহাৰৰ পুৰ্ণিয়াত NEET-UG ২০২৪ৰ চাৰিজন প্ৰাৰ্থীয়ে ভুৱা প্ৰাৰ্থীৰ সহায় লোৱাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এক নতুন গোচৰ ৰুজু কৰিছে । এই তথ্য বুধবাৰে সদৰী কৰে তদন্তকাৰী সংস্থাৰ বিষয়াসকলে ।

Advertisment

যোৱা বছৰৰ ৫ মে’ত অনুষ্ঠিত হোৱা চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ কেন্দ্ৰ এছআৰডিএভি পাব্লিক স্কুলৰ অধ্যক্ষই অভিযোগ উত্থাপন কৰিছে যে প্ৰকৃত প্ৰাৰ্থীৰ পৰিৱৰ্তে ভুৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়াতো বায়’মেট্ৰিকত ধৰা পৰিছিল । ইয়াৰ পিছতে এজাহাৰ দাখিল কৰা হৈছিল প্ৰাৰ্থীসকলৰ বিৰুদ্ধে ।

এজাহাৰত উল্লেখ কৰা অনুসৰি  মুজাফাৰপুৰৰ আশীষ কুমাৰৰ হৈ ভোজপুৰৰ নীতিশ কুমাৰ, ছিৱানৰ ধীৰাজ প্ৰকাশৰ হৈ জলৌৰ (ৰাজস্থান)ৰ কমলেশ কুমাৰ, সীতামৰ্হীৰ তথাঘাট কুমাৰৰ হৈ বেগুছৰাইৰ সৌৰভ কুমাৰ আৰু মুজাফাৰপুৰৰ দীপক কুমাৰৰ হৈ সীতামৰ্হীৰ মায়ংক চৌধাৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল । 

উল্লেখযোগ্য যে ২০২৪ চনৰ ৫ মে’ত ৫৭১খন চহৰৰ ৪৭৫০টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। ২৩ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

 

চিবিআই