/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/CBI.jpg)
ডিজিটেল ডেস্ক : য'তে বাঘৰ ভয়, তাতেই ৰাতি হয় । এই কথাষাৰ আকৌ এবাৰ সচা বুলি প্ৰমাণিত কৰিলে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছে । বিজেপি, ই ডি ৰ আক্ৰমণত থান-বান হৈ যোৱা চৰকাৰখনক আন এক জোকাৰণিৰে সন্ত্ৰস্ত কৰি তুলিছে চি বি আয়ে । অবৈধ গোধন সৰবৰাহৰ গোচৰত পশ্চিম বংগৰ কলিকতা আৰু বোলপুৰত ৪ ঠাইত বুধবাৰে অভিযান চলাই দেশৰ শীৰ্ষৰ অনুসন্ধানকাৰী সংস্থাটোৱে । ইয়াৰে মাজত তৃণমূল কংগ্ৰেছৰ বিৰভূম জিলাৰ সভাপতি অনূব্ৰত মণ্ডলৰ ঘনিষ্ঠ ব্যৱসায়ী এগৰাকীও থকাৰ কথা প্ৰকাশ হৈছে ।
২০২০ চনত একেই গোধনৰ অবৈধ সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ হোৱা অনূব্ৰত মণ্ডলক যোৱাটো সপ্তাহত ১৪ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । অনূব্ৰত মণ্ডলকো মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল । আৰু এই গ্ৰেপ্তাৰক লৈ এক তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হৈছিল বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত ।
উল্লেখ্য যে, পশ্চিম বংগৰ অৰ্থনৈতিক মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই অভিযোগ দিয়া অনুসৰি ৰাজনৈতিক প্ৰতিশোধ পূৰাবলৈ এই পদক্ষেপ লয় চি বি আয়ে ।
আৰু পঢ়ক : ঢকুৱাখনাত অৱসৰৰ দিনাই নবীন চন্দ্ৰ গগৈৰ গ্ৰন্থ উন্মোচন…