GST ভৱনত CBI ৰ অভিযানঃ আয়ুক্তৰ সৈতে আন এজনক গ্ৰেপ্তাৰ, জব্দ নগদ ধন আৰু নথি-পত্ৰ....

বুধবাৰে নিশাৰে পৰা চলা অভিযান বৃহস্পতিবাৰে পুৱা সম্পাত্ত হয়
GST BHAVAN
GST BHAVAN

ডিজিটেল ডেস্কঃ বিগত দিন কেইটাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চি বি আইয়ে বিভিন্ন গোচৰত তীব্ৰ অভিযান চলাই আছে। এই অভিযানৰ সময়ত গ্ৰেপ্তাৰ কৰিছে বিভিন্নজনক। ইয়াৰ মাজতে হঠাৎ বুধবাৰে নিশা গুৱাহাটীৰ জি এছ টি ভৱনত চি বি আইয়ে চলালে অভিযান।

জি এছ টি ভৱনত কোনো বাহিৰা লোক প্ৰৱেশ কৰিব নোৱাৰাকৈ চলোৱা এই অভিযান আজি পুৱতি নিশা অন্ত পৰে। এই অভিযানৰ অন্তত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে আয়ুক্ত শক্তিৱেল ৰাজুক। ইয়াৰ উপৰিও আন এজন ব্যক্তিকো চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে চি বি আইয়ে শক্তিৱেল ৰাজুৰ গৃহৰ পৰা জব্দ কৰিছে নগদ ৩ লাখ টকা। ইয়াৰ উপৰিও জব্দ কৰিছে বহু আপত্তিজনক নথি-পত্ৰ। উল্লেখ্য যে শক্তিৱেল ৰাজু এ পি এল বিভাগৰ আয়ুক্ত হিচাপে কৰ্মৰত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in