বতৰ নহয় বিহাৰৰ ৰাজনীতি অধিক গৰমঃ আস্থা ভোটৰ পূৰ্বে চি বি আইৰ অভিযান…

বতৰ নহয় বিহাৰৰ ৰাজনীতি অধিক গৰমঃ আস্থা ভোটৰ পূৰ্বে চি বি আইৰ অভিযান…

author-image
asomiyapratidin
New Update
বতৰ নহয় বিহাৰৰ ৰাজনীতি অধিক গৰমঃ আস্থা ভোটৰ পূৰ্বে চি বি আইৰ অভিযান…

ডিজিটেল ডেস্কঃ আজি বিহাৰ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ'ব নীতিশ কুমাৰ। বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি আৰ জে ডি, কংগ্ৰেছকে ধৰি বিৰোধি দলৰ সৈতে মিত্ৰতা স্থাপনেৰে বিহাৰৰ পৰা বিজেপিক বিদায় দিয়া নীতিশ কুমাৰৰ এই আস্থা ভোটৰ পূৰ্বে বিহাৰৰ ৰাজনীতি গৰম হৈ পৰিছে। কিয়নো হঠাৎ বিহাৰত আৰম্ভ হৈছে চি বি আইৰ অভিযান।

চি বি আইে বুধবাৰে ভূমি-ৰে'লৱেৰ এক কথিত গোচৰ সন্দৰ্ভত বিহাৰৰ কেইবাটাও স্থানত অভিযান আৰম্ভ কৰিছে। নীতিশ কুমাৰৰ নতুন চৰকাৰৰ অন্যতম অংশীদাৰ তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ দল আৰ জে ডিৰ সাংসদ আশফাৰ কৰিম, ফৈয়াজ আহমেদ আৰু বিধায়কসুনীল সিঙৰ বাসগৃহত চি বি আইয়ে চলাইছে এই অভিযান।

এই অভিযান সম্পৰ্কে আৰ জে দিৰ বিধায়ক আৰু বিস্কোমাউন পাটনাৰ সভাপতি গৰাকীয়ে কেন্দ্ৰৰ বিজেপি চৰকাৰক উদ্দেশ্যি কৈছে যে- এয়া ইচ্ছাকৃতভাৱে কৰা হৈছে। তেওঁলোকে ভাবিছে যে বিধায়কসকলে ভয়ত তেওঁলোকৰ পক্ষলৈ আহিব। ইফালে আৰ জে ডিৰ মুখপাত্ৰ শক্তি সিং যাদৱে মঙ্গলবাৰে নিশা টুইট কৰি কৈছিল যে চি বি আই আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাসমূহে অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে কিয়নো বিহাৰত ক্ষমতা হেৰুওৱাৰ বাবে বিজেপি "খং" উঠিছে।

শক্তি সিং যাদৱে টুইট কৰি কৈছিল- বিজেপিৰ সহযোগী চিবিআই, ইডি, আইটিয়ে অতি সোনকালেই বিহাৰত অভিযানৰ বাবে প্ৰস্তুতি চলাই আছে। পাটনাত সমাৱেশ আৰম্ভ হৈছে। কাইলৈ এটা গুৰুত্বপূৰ্ণ দিন।

প্ৰকৃততে, ইউ পিএ চৰকাৰত ৰে'ল মন্ত্ৰী হিচাপে লালু যাদৱৰ কাৰ্যকালত এই কেলেংকাৰী সংঘটিত হৈছিল। চি বি আইয়ে ২০২২ চনৰ ১৮ মে'ত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। ইয়াত লালু প্ৰসাদ যাদৱ, ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱ আৰু অন্যান্যসকলৰ নাম অন্তৰ্ভুক্ত কৰিছিল।

এই নিযুক্তি কেলেংকাৰী২০০৪ ৰ পৰা ২০০৯ চনৰ মাজৰ সময়ৰ। অভিযোগ কৰা হৈছে যে যেতিয়া লালু যাদৱ ৰে'ল মন্ত্ৰী আছিল সেই সময়ত ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ উঠিছিল। এই ক্ষেত্ৰত চি বি আইয়ে লালু যাদৱৰ এজন ঘনিষ্ঠ সহযোগী ভোলা যাদৱক গ্ৰেপ্তাৰ কৰিছিল। ভোলা যাদৱ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰে'ল মন্ত্ৰী হৈ থাকোতে লালু যাদৱৰ অ'এছ ডি আছিল।