হঠাৎ কিয় চিবিআইয়ে চলাইছে 'অপাৰেচন চক্ৰ'...

author-image
Asomiya Pratidin
New Update
গোধন সৰবৰাহ গোচৰত অনুসন্ধান অব্যাহত ৰাখিছে চি বি আই য়ে…

CBI

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে চি বি আইয়ে চলাইছে বৃহৎ অভিযান। বৃহস্পতিবাৰৰ পৰা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে চলোৱা এই অভিযানৰ নাম ৰাখিছে অপাৰেচন চক্ৰ। ইণ্টাৰপল, এফ বি আই, আৰক্ষী আৰু কেইবাখনো দেশৰ নিৰাপত্তা সংস্থাৰ সহযোগত চি বি আইয়ে এই অভিযান চলাই গৈছে।

Advertisment

এতিয়ালৈকে চি বি আইয়ে ১১৫ টা স্থানত এই অভিযান চলোৱাৰ কথা সদৰী কৰিছে। অভিযানৰ অন্তত চি বি আইয়ে ধন লেনদনৰ জালিয়াতি সন্দৰ্ভত ১১ টা গোচৰ ৰুজু কৰিছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ইণ্টাৰনেটৰ জৰিয়তে বেংকৰ পৰা ধন উলিয়াই নিয়া চক্ৰৰ বিৰুদ্ধে এই বৃহৎ অভিযান আৰম্ভ কৰিছে।

মূলতঃ চাইবাৰ ক্ৰাইম প্ৰতিহত কৰিবৰ বাবে চি বি আইয়ে লৈছে এই উদ্যোগ। উল্লেখ্য যে অসমকে ধৰি দেশৰ বহু স্থানত এনে চাইবাৰ অপৰাধীৰ বলি হৈ বহুতে সাচতীয়া ধন হেৰুৱাব লগীয়া হৈছে।

এই অভিযানত কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ উপৰিও পঞ্জাৱ, ৰাজস্থান, কৰ্ণাটক, আণ্ডামান নিকোবৰ, চণ্ডিগড়, হাৰিয়ানা আৰক্ষীয়েও অংশ লৈছে। অভিযানত চি বি আইয়ে এতিয়ালৈকে প্ৰায় ১.৮ কোটি টকাৰ নগদ ধন, ১.৫কেজি সোণ জব্দ কৰিছে।

ইফালে ১.৮৯ কোটি টকা জমা থকা কৰ্ণাটকৰ এটা বেংক একাউণ্ট চি বি আয়ে নিষ্ক্ৰিয় কৰিছে। এই চাইবাৰ অপৰাধী চক্ৰই ব্যৱহাৰ কৰা বহু মোবাইল ফোন, লেপটপ, ডিজিটেল ইকুইপমেণ্ট চি বি আইয়ে অভিযানত জব্দ কৰা বুলি জানিব দিছে।

cbi operation chakra cbi