Advertisment

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চিবিআই!

চিবিআয়ে জাৰি কৰা অনুসৰি, ভ্ৰষ্টাচাৰত অভিযুক্ত চিবিআইৰ মুম্বাই ইউনিটৰ উপ আৰক্ষী অধীক্ষক বি.এম.মীনাৰ বিৰুদ্ধে চিবিআয়ে অভিযান চলাই ২০ টাকৈ স্থানৰ পৰা ৫৫ লাখ নগদ ধন জব্দ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ি্ে

ডিজিটেল ডেস্কঃ   দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। স্বচ্ছ আৰু নিকা অভিযানৰ নিদৰ্শন দি ভ্ৰষ্টাচাৰত অভিযুক্ত সংস্থাটোৰ এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈছে সংস্থাই।

Advertisment

শেহতীয়াকৈ চিবিআয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ভ্ৰষ্টাচাৰত অভিযুক্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মুম্বাই ইউনিটৰ উপ আৰক্ষী অধীক্ষক বি.এম.মীনাৰ বিৰুদ্ধে চিবিআয়ে অভিযান চলাই ২০ টাকৈ স্থানৰ পৰা ৫৫ লাখ নগদ ধন জব্দ কৰে।

ইতিমধ্যে বি.এম মীনা আৰু এই ঘটনাত জৰিত অন্য অভিযুক্ত সকলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অধীনত এক গোচৰ ৰুজু কৰিছে চিবিআইয়ে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, অভিযুক্ত বিষয়া বি.এম. মীনাই তেওঁৰ তদন্তৰ অধীনত থকা বিভিন্ন ব্যক্তিৰ পৰা ধন দাবী কৰিছিল লগতে হাৱালাৰ মাধ্যমত ধন সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, গোচৰ পঞ্জীয়ন কৰাৰ পাছত চিবিআইয়ে জয়পুৰ, কলকাতা, মুম্বাই আৰু নতুন দিল্লীৰ ২০টাকৈ স্থানত অভিযান চলায়। এই অভিযানত ৫৫ লাখ টকা নগদ ধন,সম্পত্তিৰ নথি-পত্ৰ, ১.৭৮ কোটি টকাৰ সম্পত্তিত বিনিয়োগৰ প্ৰমাণ, লেনদেনৰ ৰেকৰ্ড, ১.৬৩ কোটি টকাৰ সন্দেহজনক বিত্তীয় কাৰ্যকলাপৰ প্ৰমাণৰ লগতে অন্যান্য অভিযোগনামা দাখিল কৰা নথি-পত্ৰ আৰু ভিন্ন সামগ্ৰী উদ্ধাৰ কৰে।

চিবিআয়ে বিবৃতিত জনোৱা মতে, উৎকোচৰ ধনৰ লেনদেন লুকুৱাবলৈ অভিযুক্তই বিভিন্ন উপায় আৰু বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল। এই গোচৰৰ সকলো নথি-পত্ৰ আৰু সামগ্ৰী তদন্তৰ বাবে জব্দ কৰিছে চিবিআইয়ে।

আনহাতে এই ঘটনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে। চিবিআইৰ পৰৱৰ্তী অভিযানত এই ঘটনাত জৰিত অন্য অভিযুক্ত সকলৰ তথ্যও পোহৰলৈ আহিব। নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি চিবিআইয়ে নিজ বিবৃতিত উল্লেখ কৰে যে, অভিযুক্ত যিয়েই নহওঁক, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

যিটো সময়ত শাসক আৰু প্ৰভাৱশালী চক্ৰই চিবিআইক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈ আহিছে, সেই সময়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে নিজৰ তদন্তকাৰী অধীকৰ্তা সকলৰ বিৰুদ্ধে লোৱা এনে কঠোৰ পদক্ষেপে সংস্থাটোৰ হ্ৰাস পোৱা ভাৱমূৰ্তী পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।

চিবিআই