২.৫ লাখ টকা উৎকোচ লৈ হাত দাঙিলে পাৱাৰ গ্ৰীডৰ জিএম উদয় কুমাৰে...

উদয় কুমাৰক ২.৫ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।  মুম্বাইৰ কে ই চি ইণ্টাৰনেশ্যনেল কোম্পানীৰ চুক্তি সম্পৰ্কীয় বিলত অনুমোদন দিয়াৰ বিনিময়ত উৎকোচ লৈছিল উদয় কুমাৰে।

author-image
Asomiya Pratidin
New Update
s

ডিজিটেল ডেস্কঃ  ভাৰতীয় পাৱাৰ গ্ৰীড নিগমৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক উদয় কুমাৰৰ বিৰুদ্ধে উৎকোচ গোচৰত ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। উদয় কুমাৰক ২.৫ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে চিবিআইয়ে।  প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ কে ই চি ইণ্টাৰনেশ্যনেল কোম্পানীৰ চুক্তি সম্পৰ্কীয় বিলত অনুমোদন দিয়াৰ বিনিময়ত উৎকোচ লৈছিল উদয় কুমাৰে।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, উদয় কুমাৰক ৰাজস্থানৰ আজমেৰত নিযুক্তি দিয়া হৈছিল। বুধবাৰে নিশা ছিকাৰত উদয় কুমাৰে কে ই চি ইণ্টাৰনেশ্যনেলৰ বিষয়া সুমন সিঙৰ সৈতে উৎকোচ বিনিময় কৰি থকাৰ সময়তে চিবিআইয়ে তেওঁক হাতে-লোটে আটক কৰে।

বৃহস্পতিবাৰে পুৱাই আইনী পদ্ধতি সম্পূৰ্ণ কৰি আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে উদয় কুমাৰক। চিবিআইয়ে কে ই চি ইণ্টাৰনেশ্যনেল কোম্পানী আৰু পাঁচজন বিষয়া জবৰাজ সিং, অতুল আগৰৱাল, আশুতোষ কুমাৰ আৰু সুমন সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । 

উৎকোচ