/asomiyapratidin/media/media_files/2025/01/23/ZfrHTfnmq0UU6S0S9fi6.jpg)
ডিজিটেল ডেস্কঃ শিমলাৰ ইডি সহকাৰী সঞ্চালক বিশালদীপৰ ২.৫ কোটি টকাৰ উৎকোচ কাণ্ডত চিবিআইৰ ডিএছপি বলবীৰ সিঙকো গ্ৰেপ্তাৰ কৰা হৈছে। চিবিআইৰ তদন্তকাৰী দলৰ মতে, ডিএছপিয়ে বিশালদীপৰ পৰা ঘোচৰ ধনৰ ১০ শতাংশ কমিছন দাবী কৰিছিল। বিশালদীপে চিবিআইৰ নিৰ্দেশকলৈ লিখিত অভিযোগ দাখিল কৰাৰ পিছতেই এই ব্যৱস্থা গ্ৰহণ কৰা হয়।
এই উৎকোচ গোচৰত বিশালদ্বীপক গ্ৰেপ্তাৰ নকৰি পলাতক অৱস্থাত যেতিয়া ৩ জানুৱাৰীত প্ৰায় ১৫ পৃষ্ঠাৰ লিখিত অভিযোগ চিবিআইৰ সঞ্চালকলৈ প্ৰেৰণ কৰিছিল। এই অভিযোগ চিবিআইৰ এজন ডিএছপি আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আন দুজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিশালদ্বীপে । বিশালদ্বীপে অভিযোগ কৰিছিল যে তেওঁক চিবিআইৰ ডিএছপিয়ে উচটনি দি উৎকোচ বিচাৰিছিল।
লক্ষণীয় যে ধন সৰবৰাহৰ গোচৰত হিমাচলৰ শিক্ষানুষ্ঠান পৰিচালকৰ পৰা ২.৫ কোটি টকাৰ উৎকোচ দাবী কৰাৰ বাবে শিমলা ইডিৰ সহকাৰী সঞ্চালক বিশালদীপৰ বিৰুদ্ধে চণ্ডীগড় চিবিআইয়ে ৩৩ আৰু ৩৪ নম্বৰ এফআইআৰ ৰুজু কৰিছিল। একেটা গোচৰতে তেওঁৰ ভাতৃ বিকাশদ্বীপ আৰু নীৰজকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ পৰা প্ৰায় ১.১০ কোটি টকাও উদ্ধাৰ কৰা হৈছে।
বিশালদীপে অভিযোগ উত্থাপন কৰি কয় যে, ধন সৰবৰাহৰ গোচৰৰ তদন্তৰ সময়ত চিবিআইৰ ডিএছপিয়ে বিভিন্ন উপায়েৰে কেইবাবাৰো তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছত তেওঁক মোহলী আৰু শিমলা মল ৰোডত সাক্ষাতো কৰিছিল ডিএছপি বলবীৰ সিঙে । এই সময়ছোৱাত ডি এছ পিয়ে তেওঁক শিক্ষানুষ্ঠানৰ পৰিচালকৰ পৰা ঘোচ ল’বলৈ উচটনি দিয়াৰ লগতে ঘোচৰ ধনৰ পৰা ১০ শতাংশ কমিচন দিবলৈও কৈছিল ।
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ইডিৰ বিষয়া বিশালদীপে তদন্তৰ সময়ত তদন্তকাৰী দলটোক ডি এছ পিৰ বিষয়ে আৰু কেনেদৰে তেওঁক উৎকোচ দাবী কৰিবলৈ উচটনি দিয়া হৈছিল আৰু পিছত শিক্ষানুষ্ঠানৰ পৰিচালকৰ সৈতে ভুৱা উৎকোচৰ গোচৰত জড়িত কৰা হৈছিল সেই বিষয়ে জনায়। এই অভিযোগ সন্দৰ্ভত সোমবাৰে চিবিআইয়ে নিজৰ বিভাগৰ ডিএছপিক চিবিআই কাৰ্যালয়লৈ মাতি আনি বিশালদীপে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰে ।
সূত্ৰ অনুসৰি বিশালদ্বীপে উত্থাপন কৰা সকলো অভিযোগ ডি এছ পিয়ে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া তদন্তকাৰী দলে কয় যে বিশালদীপৰ হাতত ঘোচ বিচৰাৰ প্ৰমাণ আছে, তেতিয়া জেৰাৰ সময়ত ডি এছ পিৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছতে চি বি আইৰ দলটোৱে লগে লগে ডি এছ পিক ৩২ নং ছেক্টৰ হাস্পতাললৈ লৈ যায় আৰু তাতেই তেওঁৰ চিকিৎসা কৰা হয়।
উল্লেথযোগ্য যে, ইডিৰ সহকাৰী সঞ্চালককে ধৰি এই গোচৰৰ সন্দৰ্ভত চিবিআইয়ে এই পৰ্যন্ত ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে।
অভিযোগ অনুসৰি ইডিৰ তদন্ত চলি থকা ধন সৰবৰাহৰ গোচৰত হিমালয়ান গ্ৰুপ অৱ প্ৰফেচনেল ইনষ্টিটিউচনৰ অধ্যক্ষ ৰজনীশ বংশালক গ্ৰেপ্তাৰ নকৰাৰ বাবে বিশাল দীপে কোটি টকাৰ উৎকোচ বিচাৰিছিল।
লক্ষণীয় যে এই ঘটনাই চিবিআইৰ ভিতৰতেই চলি থকা এক গোপন ষড়যন্ত্ৰৰ সন্ধান দিব পাৰে বুলি অনুমান কৰা হৈছে। এই পৰ্যন্ত উক্ত গোচৰৰ তদন্ত অব্যাহত ৰাখিছে শীৰ্ষ তদন্তকাৰী সংস্থাটোৱে । তদন্তকাৰী সংস্থাটোৰ সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া অন্ত পৰিলেহে সকলো তখ্য পোহৰলৈ আহিব কোন সঁচা কোন মিছা ।