/asomiyapratidin/media/media_files/2026/01/22/676-2026-01-22-17-24-05.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ থানাৰ অন্তৰ্গত বৰ ঠেকেৰাবাৰীত বুধবাৰে নিশা গৰু চুৰিৰ ঘটনা সংঘটিত হয় । নিশা চোৰে প্ৰফুল্ল শইকীয়া, হৰেশ্বৰ হাজৰিকা আৰু অজিত হাজৰিকা নামৰ ব্যক্তি তিনিজনৰ গোহালিৰ পৰা চুৰি কৰি লৈ যায় পোৱালীসহ মুঠ ৬ টা গৰু।
ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালকেইটাই। ইয়াৰ পূৰ্বেও উক্ত অঞ্চলটোত চুৰিকাণ্ড সংঘটিত হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে গৃহস্থই। গাখীৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা পৰিয়াল কেইটিত এতিয়া হাহাকাৰ অৱস্থা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us