চতিয়াত গো-পালকৰ হাহাকাৰ ! অচিন ৰোগত আক্ৰান্ত গো ধন...

এই ৰোগে গাই গৰু আৰু সৱল গৰু পোৱালিক বেচিকৈ আক্ৰমণ কৰা দেখা গৈছে। চতিয়াৰ মালৰ গাঁৱত বিগত দুটা দিনত ৫ টাকৈ গৰুৰ মৃত্যু হৈছে আৰু বহু গোধন এই ৰোগত আক্ৰান্ত হৈ আছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  চতিয়াৰ মালৰ গাঁৱৰ সাধাৰণ গো পালক সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। অচিন ৰোগত আক্ৰন্ত হৈছে অঞ্চলটোৰ বহু পশু ধন ।

Advertisment

ইতিমধ্যে অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু পশুধনৰ । পথাৰত ঘাঁ খাই থকা অৱস্থাতে অচিন ৰোগত আক্ৰান্ত হৈ ঢলি পৰে গোধন ।

এই ৰোগে গাই গৰু আৰু সৱল গৰু পোৱালিক বেচিকৈ আক্ৰমণ কৰা দেখা গৈছে। চতিয়াৰ মালৰ গাঁৱত বিগত দুটা দিনত ৫ টাকৈ গৰুৰ মৃত্যু হৈছে আৰু বহু গোধন এই ৰোগত আক্ৰান্ত হৈ আছে।

অসমৰ পশু পালন আৰু পশু চিকিৎসা বিভাগক উক্ত বিষয়টোৰ সন্দৰ্ভত নজৰ দিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ সাধাৰণ গো-পালকসকলে । অন্যথা অচিন ৰোগৰ ফলত আৰু অধিক গো-ধন আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে গাঁওবাসীয়ে ।

অচিন ৰোগ পশুপালক