/asomiyapratidin/media/media_files/2025/05/16/jRvaKvle1mMLct04onGV.jpg)
ডিজিটেল সংবাদ,চতিয়াঃ গো-মাংসৰ মুকলি বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে গো-সুৰক্ষা আইন ২০২১ আনিছিল। কিন্তু চৰকাৰী সকলো আইন কানুন ভৰিৰে মোহাৰি চতিয়াৰ ঘাঁহিগাঁৱৰ ইউচুফ আলি আৰু ইনজামুল হক নামৰ দুই পিতা পুত্ৰয়ে চলাই আহিছিল অবৈধ ব্যৱসায়।
চতিয়া আৰু জামুগুৰিহাটকে আদি কৰি অঞ্চল সমূহত সঘনাই গোহালিৰ পৰা নোহোৱা হৈছিল গৰু।
চতিয়াৰ ঘাঁহিগাঁৱৰ এই কছাই খানাটোতে ব্যৱহাৰ কৰাৰ সন্দেহ সাধাৰণ ৰাইজৰ। গো সুৰক্ষা আইনৰ ৪ নং ধাৰাত স্পষ্ট উল্লেখ আছে বিভাগীয় অনুমতি অবিহনে গৰুৰ মাংস বা গৰুৰ ব্যৱসায় কৰিব নোৱাৰে লগত উল্লেখ আছে হিন্দু, জৈন ধৰ্মৰ বসতি স্থলৰ লগতে ধৰ্মীয় স্থানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গৰুৰ মাংস বিক্ৰী কৰিব নোৱাৰিব।
এই কঠোৰ আইনক ভেঙুচালি কৰি ইউচুফ আৰু ইনজামুল হক নামৰ কচাই দুটাই প্ৰতিদিনে ১৫-২০ কুইন্টলতকৈ অধিক গো মাংসৰ বৃহৎ ব্যৱসায় গঢ়ি তুলিছিল। চতিয়াৰ এই বৃহৎ অবৈধ কচাই খানাটোত আজি বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাই বহু সংখ্যক গৰুৰ কটা মূৰ আৰু অৱশিষ্ট অংশ প্ৰত্যক্ষ কৰে চতিয়া আৰক্ষীয়ে। আৰক্ষীয়ে ইনজামুল হক নামৰ কচাইটোক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিখন দা,কাটা পাল্লা জব্দ কৰাৰ লগতে ২৪ টা জীৱন্ত গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।