ধুবুৰীৰ অসম- পশ্চিমবংগ সীমান্তত গৰুৰ চোৰাং বেহা

ধুবুৰী জিলাৰ অসম -পশ্চিমবংগ সীমান্তত সক্ৰিয় গৰুৰ অবৈধ চোৰাং বেহা। বৃহস্পতিবাৰে নিশা ধুবুৰীৰ আগমনিত আৰক্ষীয়ে এখন বিলাসী বাহনত কঢ়িয়াই অনা তিনিটাকৈ চোৰাং গৰুসহ ৪জন সৰবৰাহকাৰীক আটক কৰে।

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ অভিযানত আটক ৪ জন গো-সৰৱৰাহকাৰী

আৰক্ষীৰ অভিযানত আটক ৪ জন গো-সৰৱৰাহকাৰী

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ অসম -পশ্চিমবংগ সীমান্তত সক্ৰিয় গৰুৰ অবৈধ চোৰাং বেহা। বৃহস্পতিবাৰে নিশা ধুবুৰীৰ আগমনিত আৰক্ষীয়ে এখন বিলাসী বাহনত কঢ়িয়াই অনা তিনিটাকৈ চোৰাং গৰুসহ ৪জন সৰবৰাহকাৰীক আটক কৰে।

Advertisment

বিলাসীবাহনখনত থকা গৰুৰ চোৰাং বেপাৰীৰ এটি দলে গোপনে পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশ কৰি আগমনি লৈ আহি থকা সময়তে আৰক্ষীয়ে বাহনখনত তালাচী চলাই চোৰাং গৰুসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষয হয়। আৰক্ষীয়ে উক্ত তালাচীত পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে আহি থকা AS 16H 0551 নম্বৰৰ বিলাসীবাহনখন আটক কৰিবলৈ সক্ষম হয়।

বাহনখনৰ পৰা উদ্ধাৰ হয় মুখ ভৰি বন্ধা অৱস্থাত তিনিটা চোৰাং গৰু। লগতে আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালক জাহাঙ্গীৰ আলম আৰু সহযোগী আনিচুৰ ৰহমানক। দুয়ো খুৰাক ভতিজাকৰ ঘৰ তামাৰহাট থানাৰ পলাশকান্দিত।

দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত ভাৰত বাংলাদেশ সীমান্তৰ ধৰ্মশালাৰ পৰা আজি আৰক্ষীয়ে আটক কৰে মোষ্ট ৱান্টেড দুই মাফিয়াক। আটকাধীন গৰুৰ সৰৱৰাহকাৰী দুজনক পিচত  মতিৰচৰৰ ফাৰহাদ আলী আৰু কাদানচিপাৰাৰ মোফাজ্জল সেখ বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Assam police