/asomiyapratidin/media/media_files/2025/04/30/XgjnAaTHtYo7yIbpQEZI.jpg)
চৰকাৰক ধন্যবাদ জনালে ৰাহুল গান্ধীয়ে
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জাতিগত লোকপিয়লৰ সিদ্ধান্তক আদৰণি জনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ইয়াক গভীৰ সমাজ সংস্কাৰৰ দিশত মাত্ৰ “প্ৰথম পদক্ষেপ” বুলি অভিহিত কৰে ৰাহুল গান্ধীয়ে। কিন্তু কেতিয়া লোকপিয়ল হ’ব এই সন্দর্ভত স্পষ্টীকৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান ৰাহুল গান্ধীৰ। সময়সীমা নির্ধাৰণ কৰিবলৈ কেন্দ্ৰক দাবী জনালে কংগ্ৰেছ সাংসদগৰাকীয়ে।
দীর্ঘদিন ধৰি জাতিগত লোকপিয়লৰ প্ৰসংগ উত্থাপন কৰি আহিছিল ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ দাবীৰ প্ৰতি কেন্দ্ৰই সঁহাৰি জনোৱাৰ বাবে ধন্যবাদ জনালে ৰাহুল গান্ধীয়ে। "সংসদত জাতিগত লোকপিয়ল হ’ব লাগে বুলি দাবী কৰিছিলো। চৰকাৰে এই ক্ষেত্ৰত একমত নাছিল। কিন্তু হঠাৎ ১১ বছৰ পিছত জাতিগত লোকপিয়লৰ কথা ঘোষণা কৰিলে কেন্দ্ৰই। এই ক্ষেত্ৰত আমাৰ সমর্থন আছে।" সংবাদমেলযোগে এই মন্তব্য ৰাহুল গান্ধীৰ।
উল্লেখযোগ্য যে, কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে দেশজুৰি জাতিগত লোকপিয়লৰ দাবী জনাই আহিছে। যাৰ ফলত ই এক বৃহৎ নিৰ্বাচনী বিষয় হৈ পৰিছে। বিহাৰৰ দৰে ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইয়া উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।