ৰাজ্যসভাত সাংসদৰ আসনত ওলাল টকাৰ বাণ্ডিল...

ৰাজ্যসভাৰ ২২২ নং আসনত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল ধনৰ বাণ্ডিল। চলিত পৰম্পৰা তথা অনুশাসন ভংগ কৰা এই বিষয়টোক গম্ভীৰ হিচাপে বিবেচনা কৰি ইয়াৰ তদন্ত ঘোষণা কৰিছে সভাপতিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ অভিষেক মনু সিংভিৰ আসনত নগদ ধনৰ বাণ্ডিল উদ্ধাৰ হোৱা পাছতে এই বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা কৰাৰ পাছতে বিষয়টোক লৈ সৰৱ হৈছে শাসকীয় পক্ষ। 

প্ৰাপ্ত খবৰ অনুসৰি, ৰাজ্যসভাৰ ২২২ নং আসনত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল ধনৰ বাণ্ডিল। চলিত পৰম্পৰা তথা অনুশাসন ভংগ কৰা এই বিষয়টোক গম্ভীৰ হিচাপে বিবেচনা কৰি ইয়াৰ তদন্ত ঘোষণা কৰিছে সভাপতিয়ে।

 উল্লেখ কৰা প্ৰয়োজন যে সাংসদ অভিষেক মনু সিংভি হৈছে তেলেংগনাৰ কংগ্ৰেছ সাংসদ। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে জগদীপ ধনখড়েক উদ্দেশ্যি কয় যে, তদন্ত শেষ নোহোৱা পৰ্যন্ত আৰু এই অভিযোগ সঁচা বুলি প্ৰমাণ নোহোৱালৈ সভাপতিগৰাকীয়ে অভিষেক মনু সিংভিৰ নাম লোৱাতো উচিত নাছিল। এনেকুৱা ধৰণৰ কাম কৰিয়ে দেশখনক বদনাম কৰিছে বুলি অভিযোগ কৰে খৰ্গেয়ে।

ইফালে সমগ্ৰ ঘটনাক লৈ অভিষেক মনু সিংভিয়ে কয় যে, পোনপ্ৰথমবাৰৰ বাবে এনে ধৰণৰ ঘটনা শুনিবলৈ পালো। মই যেতিয়াই ৰাজ্যসভালৈ আহো মাত্ৰ এখন ৫০০ টকাৰ নোট লৈ আহো। 

ৰাজ্যসভা