/asomiyapratidin/media/media_files/2025/06/16/yyeHVvc1YeQSaqQthQpT.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত দেওবাৰে কাছাৰ জিলাৰ কচুদৰম এলেকাৰ বাউৰিকান্দিত এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে।
এই অভিযানত মহিলাগৰাকীৰ ঘৰৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে। অভিযানকালত হেৰ'ইন ভৰ্তি ৬টা চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে।
বাকচকেইটাৰ পৰা মুঠ ৭২ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। তালচীৰ সময়ত নাজমা বেগম লস্কৰ নামৰ ড্ৰাগছ ব্যৱসায়ীগৰাকীৰ ঘৰৰ পৰা নগদ ১৬ লাখ ২৩ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে। ইফালে জব্দ কৰা হেৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।
আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য অনুসৰি, জব্দ কৰা হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা বিক্ৰীৰ বাবে কাছাৰলৈ অনা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us