Advertisment

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু...

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু, আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে পাণবজাৰ থানাত গোচৰ ৰুজু

ডিজিটেল ডেস্ক : আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদৰ সন্মুখীন হৈছে কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী। উল্লেখ্য যে ১৫ জানুৱাৰীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত সাংসদগৰাকীয়ে আৰ এছ এছ আৰু বিজেপি সম্পৰ্কত কেতবোৰ ভাষণ প্ৰদান কৰিছিল।

উক্ত ভাষণ প্ৰদান কৰি থকা অৱস্থাতে তেওঁ কঠোৰ হৈ "বিজেপি আৰু আৰ এছ এছে প্ৰতিটো প্ৰতিষ্ঠান দখল কৰিছে আৰু আমি এতিয়া বিজেপি, আৰ এছ এছ আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ দি আছো “ বুলি বিতৰ্কিত মন্তব্য কৰিছিল।

সেয়ে তেওঁৰ এই কটু মন্তব্যৰ বাবে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয়। উক্ত মন্তব্য কৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনজিত চেতিয়াই পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে সাংসদগৰাকীৰ বিৰুদ্ধে পাণবজাৰ থানাত ১৫২/১৯৭ (ঘ) ধাৰাৰ অধীনত ২৯/২০২৫ নম্বৰত গোচৰ ৰুজু হয়।

rahul gandhi