টাইপাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল

শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি উপেশ্বৰ ডেকা সম্পাদক নাৰায়ণ ডেকাই মঙলদৈ সদৰ থানাত উপস্থিত হৈ সুকীয়া কৈ মঙলদৈ থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

author-image
Asomiya Pratidin
New Update
adadsdsd

ডিজিটেল সংবাদ,মঙলদৈ:  সোণাৰিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰাৰ পাছতেই সমগ্ৰ অসমতে শংকৰ সংঘৰ জিলা সমিতি সমূহে থানাই থানাই দাখিল কৰে এজাহাৰ। ব্যতিক্ৰম নহ'ল দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ।

মঙলবাৰে দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ সভাপতি ভাৰত চন্দ্ৰ ডেকা সম্পাদক চন্দ্ৰ কান্ত কুমাৰ, দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ হৈ জিলা অধিনায়ক বিপুল কুমাৰ বৰা,সেৱক কৃষ্ণ মহন্ত, ঔতলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি উপেশ্বৰ ডেকা সম্পাদক নাৰায়ণ ডেকাই মঙলদৈ সদৰ থানাত উপস্থিত হৈ সুকীয়া কৈ মঙলদৈ থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

এজাহাৰ দাখিল কৰি এওঁলোকে কয় যে, লক্ষ্য লক্ষ্য ভকতৰ শিৰৰ মুকুট সদৃশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰা কাৰ্য্য নিন্দনীয়। সমান্তৰালভাৱে এই দুষ্কাৰ্য্য কৰা লোক সকলক আইনৰগত ভাৱে উপযুক্ত ব্যৱস্থা কৰিবলৈও প্ৰশাসনক আহ্বান জনায়।

মঙলদৈ