/asomiyapratidin/media/media_files/2025/07/30/tara-prashad-das-2025-07-30-21-35-42.jpeg)
ডিজিটেল ডেস্কঃ অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰৰ কেলেংকাৰী বিষয়টো পালেগৈ আৰক্ষী থানাৰ মজিয়া। আজি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে প্ৰাক্তন বিধায়ক তথা অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰ কেলেংকাৰীৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰে।
সংগঠনটোৱে তাৰা প্ৰসাদৰ দাসৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰৰ জালিয়াতিৰ লগতে বয়সৰ প্ৰমাণ পত্ৰৰো জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে সংগঠনটোৱে ডাঃ তাৰা প্ৰসাদ দাসে জালিয়াতিৰে উলিওৱা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ বাতিল কৰিবলৈয়ো বৰপেটা জিলা আয়ুক্তলৈ দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে।
সেই পত্ৰত উল্লেখ কৰা অনুসৰি তাৰা প্ৰসাদ দাসৰ নামত থকা পত্ৰ নং ২৬০৫২০২৫-০০১-১৩৮৪০৩৪৭ অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা তথ্যৰে সংগ্ৰহ কৰিছে।সেয়ে তেওঁৰ এই জাতিগত প্ৰমাণ পত্ৰ বাতিলৰ দাবী জনাইছে।
সংগঠনটোৱে দাবী কৰিছে তাৰা প্ৰসাদ দাসৰ জন্মস্থান বৰপেটা ৰংপুৰহাটী, বৰপেটাত কোনো নমঃশূদ্ৰ সম্প্ৰদায়ৰ লোক নাই। তাৰোপৰি তেওঁৰ পিতৃপুৰুষৰ পৰা নতুন প্ৰজন্মলৈকে কাৰো হাতত কোনো প্ৰমাণ পত্ৰ নাই।