/asomiyapratidin/media/media_files/2025/06/24/1sfsdf-2025-06-24-20-39-26.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: দৰঙৰ দলগাঁৱৰ পৰা ডাম্পাৰ চুৰি কৰি ধৰা পৰিল আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহান। মঙলবাৰে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা দলগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চোৰজনক। অনিল চৌহানৰ ঘৰ ফাৰিদাবাদত বুলি জানিব পৰা গৈছে।
অনিল চৌহানে যোৱা ১২ জুন তাৰিখে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুৰি কৰিছিল এখন ডাম্পাৰ।
দলগাঁও থানাত ৰুজু হোৱা ১০৮/২৫ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৰঙিয়া ৰেল ষ্টেচনৰ পৰা আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰ অনিল চৌহানৰ লগতে পত্নী গীতা দেৱী সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইফালে চুৰি হোৱা ডাম্পাৰ খন দৰং আৰক্ষীয়ে নাগালেণ্ডৰ কহিমাৰ পৰা উদ্ধাৰ কৰে। ডাম্পাৰ খনৰ গৰাকী হৈছে দলগাঁৱৰ কবিৰ আলি। ডাম্পাৰ খন চলাই যোৱা ড্ৰাইভাৰ সুৰজিৎ সিঙকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখযোগ্য যে, গাড়ী চোৰ অনিলৰ বিৰুদ্ধে দেশৰ বিভিন্ন ঠাইত কেবাটাও গোচৰ ৰুজু হৈ আছে। দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল অনিল চৌহান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us