নগাঁৱৰ নৰ্তম গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

দুৰ্ঘটনাত নিহত মহিলা চিকিৎসক

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ নৰ্তম গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা...

car accident

ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁও জিলাৰ নৰ্তম গাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসক গুৰুতৰভাবে আহত হৈ পৰৱৰ্তী সময়ত চিকিৎসালয়ত মৃত্যুবৰণ কৰে ৷

Advertisment

নিহত মহিলা চিকিৎসক গৰাকীৰ নাম ডা° ৰিজুৱানা বেনজিৰ(৩১) ৷ কাৱৈমাৰী চিকিৎসালয়ৰ মহিলা চিকিৎসক গৰাকীয়ে চলাই অহা আই টেন এ এছ ০৬ এ ই ৫০০৬ গাড়ীখনক এ এছ ০১ এইচ চি ১৪৫০ নম্বৰৰ বাছে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

বাছৰ খুন্দাত আই টেন গাড়ীখন সম্পূৰ্ণ ৰূপে বিধস্ত হয় আৰু চিকিৎসক গৰাকীক গাড়ীখন ভাঙি উদ্ধাৰ কৰে ৷ চিকিৎসক গৰাকীক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মৃত্যু হয় ৷

অন্যহাতে বাছখনে ভুল পথেৰে অহাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে ৷ বাছখনে আৰক্ষী জোৱান কঢ়িয়াই আনিছিল ৷ উল্লেখ্য যে নিহত চিকিৎসক ডা° ৰিজুৱানাৰ ঘৰ নগাঁও চহৰৰ শইকীয়া মজজিদৰ ওচৰত ৷

nagaon police accident