Advertisment

বৰপেটাত কৰ্কট ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰ অনুষ্ঠিত....

ডাঃ ৰমেন তালুকদাৰে ভাষণত শিবিৰত কৰ্কট ৰোগৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। শিবিৰত স্থানীয় ৰাইজ, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু টিহু হাইস্কুলৰ অধ্যক্ষ উপস্থিত থাকে ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ শুকুৰবাৰে বৰপেটা কেন্সাৰ চেণ্টাৰ, বৰপেটা আৰু ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্টৰ উদ্যোগত নামতী বাৰোৱাৰী শ্ৰী শ্ৰী বসন্তী পূজা সমিতিৰ সহযোগত বাসন্তী পূজা সভাগৃহত পুৱা ১০ বজাৰ পৰা কৰ্কট ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয় ৷

Advertisment

শিবিৰটো উদ্বোধন কৰে ৰাধা শৰ্মা মজুমদাৰে আৰু কৰ্কট ৰোগৰ পৰা ৰক্ষা পোৱা এগৰাকী ব্যক্তিয়ে । উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজেন্দ্ৰ মেম’ৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষ ড° ৰমেন তালুকদাৰ, ৰাজেন্দ্ৰ মেম’ৰিয়েল ট্ৰাষ্টৰ উপাধ্যক্ষ পাৰ্থ প্ৰতিম বৰুৱা, ৰাজেন্দ্ৰ মেম’ৰিয়েল ট্ৰাষ্টৰ যুটীয়া সচিব ৰীতুমনি তালুকদাৰ ।

ডাঃ ৰমেন তালুকদাৰে ভাষণত শিবিৰত কৰ্কট ৰোগৰ বিষয়ে সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। শিবিৰত স্থানীয় ৰাইজ, টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু টিহু হাইস্কুলৰ অধ্যক্ষ উপস্থিত থাকে ৷
এই শিবিৰৰ পৰা মুঠ ৭২ জন ব্যক্তি উপকৃত হয়। স্থানীয় ৰাইজ আৰু আয়োজকসকলে বৰপেটা কেন্সাৰ চেণ্টাৰ আৰু ৰাজেন্দ্ৰ নাথ মেম’ৰিয়েল ট্ৰাষ্টক বিভিন্ন স্থানত থকা লোকসকলৰ সুবিধাৰ্থে ভৱিষ্যতে এই ধৰণৰ শিবিৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

সজাগতা শিবিৰ